পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জানো যে সেই পিৰামিডেদি পাৰ হৈ যোৱা মধ্যাহ্ন অক্ষৰেখাই মহাদেশ আৰু মহাসাগৰসমূহক সমানে দুভাগ কৰে? আমি কিমানজনে জানো যে সেই পিৰামিডৰ ভূমিৰ (base) কালিক যদি আমি তাৰ উচ্চতাৰ দুগুণেৰে হৰণ কৰোঁ তেন্তে আমি ৩.১৪১৫৯ পাওঁ? ঠিক তেনেদৰেই আমি সকলোৱেই মায়াসকলৰ কৰ্মৰাজিৰ কথা কিছু পৰিমাণে জানো। তেওঁলোকৰ সেই বিখ্যাত কেলেণ্ডাৰখনৰ কথা আমি সকলোৱে জানো। সেইখন এনে এখন কেলেণ্ডাৰ যিখনে পৃথিৱীৰ এক বছৰৰ সময়ৰ গণনা ৩৬৫.২৪২ দিন পাইছিল ( বৰ্তমানৰ ৰাশিৰ লগত সম্পূৰ্ণ একেই-৩৬৫.২৪২২) তেওঁলোকে ৬৪,০০০,০০০বছৰৰ গণনা এৰি থৈ গৈছিল। সেই জংঘলত থকা মানুহৰ পৰা ইমান ডাঙৰ ৰাশিৰ কথা কল্পনা কৰাও অসম্ভৱ। তেওঁলোকে ভেনুজিয়ান বছৰৰ কথা জানিছিল। তেওঁলোকে ব্যৱহাৰ কৰা সূত্ৰটো এইধৰণৰ আছিল-

এক ভেনুজিয়ান বছৰত ৫৮৪ দিন আছিল। তেওঁলোকে ৩৬৫ক ৭৩ৰে পাঁচবাৰ হৰণ কৰিছিল আৰু ৫৮৪ক ৮ বাৰ, আৰু এইদৰে আমি নিম্নলিখিত সূত্ৰ পাওঁ-

(চন্দ্ৰ) ২০ x ১৩ = ২৬০ x ২ x ৭৩ =৩৭৯৬০৩
(সূৰ্য্য) ৮ x ১৩ = ১০৪ x ৫ x ৭৩ =৩৭৯৬০
(শুক্ৰ) ৫ x ১৩ = ৬৫ x ৮ x ৭৩ = ৩৭৯৬০

আন ভাষাত ক'বলৈ গ'লে সকলোবোৰ চক্ৰই ৩৭৯৬০ দিনত মিলিত হয়। মায়াসকলৰ মতে তেতিয়াই তেওঁলোকৰ ভগৱান ঘূৰি আহিব।

মায়া কেলেণ্ডাৰ আৰু বৰ্তমানৰ ব্যৱহৃত কেলেণ্ডাৰৰ এক তুলনা তলত দাঙি ধৰা হ'ল-

২০ কিন =১ ওইনেল অথৱা ২০ দিন
১৮ ওইনেল = ১ তোন অথবা ৩৬০ দিন
২০ তোন =১ কাতোন অথবা ৭,২০০ দিন
২০ কাতোন = ১ বাক্তোন অথবা ১৪৪,০০০ দিন
২০ বাক্তোন =১ পিক্তোন অথবা ২,৮৮০,০০০ দিন
২০ পিক্তোন =১ কালাবতেন অথবা ৫৭,৬০০,০০০ দিন
২০ কালাবতোন =১ কিঞ্চিলাতোন অথবা ১,১৫২,০০০,০০০ দিন
২০ কিঞ্চিলাতোন =১ আতাওতোন অথবা ২৩,০৪০,০০০,০০০ দিন (প্ৰায়
৬৩,০৮১,৪২৯ বছৰ)

 এয়াই আছিল মায়াসকলে ব্যৱহাৰ কৰা ৰাশিসমূহ। তেওঁলোকৰ বসবাস কৰা ঠাইৰ ওপৰতো বহু কথা আছিল। তেওঁলোকে সাগৰীয় সম্পদৰ ব্যৱহাৰ জানিছিল যদিও থাকিবলৈ সাগৰীয় ঠাইৰ অথবা নদী কাষৰীয়া ঠাই নলৈ জংঘল হে কিয় বাছি লৈছিল সেয়াও উত্তৰহীন প্ৰশ্ন।

ৰহস্যময় ভাৰত। ৫৪