পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হয়। হয়তো বাহিৰৰ সেইসকল লোকে স্থানীয়সকলক লৈ ক'ৰবালৈ গৈ আছিল। কংকাল বোৰ নৱম শতিকাৰ অৰ্থাৎ ১,২০০ বছৰ পুৰণি বুলি পৰীক্ষাৰ পৰা গম পোৱা যায়। কংকালবোৰৰ মাজত এটা সাদৃশ্য আছিল, আৰু সেইটো হ’ল, সকলোবোৰ মানুহৰ মৃত্যুৰ কাৰণ আছিল মূৰৰ পিছফালে ক্ৰিকেট বলৰ সমান গোল কিবা বস্তুৱে বহু জোৰেৰে খুন্দা মৰা। উদ্ধাৰ হোৱা কংকালবোৰৰ মূৰৰ বাদে আন ক’তো অলপো দুখ পোৱা চিন নাছিল। ওপৰৰ পৰা বহু জোৰে সেই গোল বস্তুবোৰ পৰা বাবেই আটাইবোৰ মৃত্যু মুখত পৰে। সেই গোল বস্তুবোৰ বৰফেই আছিল বুলি বহুতে ক'ব বিচাৰে। হয়তো সকলোখিনি এক ভয়ংকৰ বৰফৰ ধুমুহাৰ (hailstorm)ৰ মাজত সোমাই পৰে, আৰু নিজকে ঢাকিবলৈ একো নাপাই সকলো মানুহ মৃত্যুমুখত পৰে।

 প্ৰায় ৩০০ মানুহ একেলগে সেই ঘটনাত মৃত্যুমুখত পৰে। মৃত্যুৰ কাৰণটোও ওপৰত কোৱাৰ দৰেই আছিল বুলি সেই ঠাইৰ স্থানীয় গাঠাৰ পৰা গম পাব পাৰি, কিন্তু সেই লোকসকল ক’ৰ পৰা আহিছিল আৰু ক'লৈ গৈ আছিল সেই বিষয়ে আজিলৈকে একো গম পোৱা হোৱা নাই। হয়তো অদূৰ ভৱিষ্যতে এই ঘটনাৰ ওৰ ওলাব, কিন্তু ইমানদিন আগতে সাগৰপৃষ্ঠৰ পৰা ইমান ওপৰত ইমানখিনি মানুহৰ কংকাল পোৱা কথাটোৱেই মনত হাজাৰ প্ৰশ্নৰ উদয় কৰে, যিহেতু আজিও সেই ঠাইৰ জনসংখ্যা শূন্য।

তথ্য সংগ্ৰহ⸺

https://www.quora.com/Whats-the-mystery-behind-all-the-skeletons-found-in-Roopkund

http://www.indiamarks.com/weird-history-roopkund-lake- uttarakhand/

https://sciencedummy.wordpress.com/2013/10/07/mystery-solved-the-skeleton-lake-of-india/

https://www.ancient-origins.net/unexplained-phenomena/skeleton-lake-and-mystery-ancient-remains-020154

https://en.wikipedia.org/wiki/Roopkund

https://www.atlasobscura.com/places/skeleton-lake-of-roopkund-india

https://www.indiatoday.in/india/north/story/uttarakhand-roopkund-skeleton-lake-mystery-solved-bones-9th-century-tribesmen-died-of-hail-storms-165083-2013-05-31

■ৰহস্যময় ভাৰত।১৭■