সূৰ্য্য মন্দিৰ নে কাল মন্দিৰ
কোণাৰ্কৰ প্ৰসিদ্ধ সূৰ্য্য মন্দিৰৰ কথা সকলোৱে জানে। বিশ্বাস মতে এই প্ৰসিদ্ধ মন্দিৰটো ১২৫৫ খ্ৰীষ্টাব্দত নৰসিংহদেৱ ― ১ এ নিৰ্মাণ কৰিছিল। কোণাৰ্ক শব্দটো সংস্কৃত শব্দ কোণা আৰু আৰ্ক শব্দৰ পৰা অহা। আৰ্কৰ অৰ্থ সূৰ্য দেৱতাক উদ্দেশ্যি এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰটো সূৰ্য্যৰ এখন বৃহৎ ৰথৰ আকৃতিত সজোৱা হৈছিল। ৰথ খনত ১২যোৰ ডাঙৰ শিলৰ পৰা কাটি ওলোৱা চকা লগোৱা আছে, এটা চকা প্ৰায় ৩ মিটাৰ বহল আৰু গোটেই ৰথখন ৭টা ঘোঁৰাৰে টানি থকা দেখুওৱা হৈছে য'ত ৪টা সোঁফালে আৰু ৩টা বাঁওফালে আছে।
এই মন্দিৰটোৰ বিষয়ে বিভিন্ন আখ্যান শুনিবলৈ পোৱা যায়। জানা মতে এই মন্দিৰটো চুম্বক আৰু শিলৰ এক বিশেষ সমন্বয়েৰে সজা হৈছিল। মুখ্য টাৱাৰটো সাজোঁতে প্ৰত্যেক দুটা শিলৰ মাজত এখনকৈ লোহাৰ প্লেট লগোৱা হৈছিল। মন্দিৰটোৰ একেবাৰে ওপৰত ৫২ টন ওজনৰ এক বৃহৎ চুম্বক আছিল যিয়ে গোটেই মন্দিটো ধৰি ৰাখিছিল বুলি কোৱা হয়।প্ৰবাদ মতে সূৰ্য্য দেৱতাৰ মূৰ্তিটো লোহা আৰু অন্য মিশ্ৰণেৰে এনেদৰে সজা হৈছিল যে ই বিনা কোনো সহায়েৰে বতাহত ভাঁহি থাকিব পাৰিছিল। এই সকলোবোৰ সম্ভৱ হৈছিল সেই বিশাল ৫২ টন ওজনৰ চুম্বকটো আৰু অন্য লোহাৰ প্লেট বোৰৰ সংযোজনৰ বাবে। অন্য প্ৰবাদে কয় যে সেই বিশালকায় চুম্বকৰ চুম্বকীয় শক্তি ইমান বেছি আছিল যে ই সাগৰীয় কূলৰ কাষেদি পাৰ হৈ যোৱা জাহাজবোৰৰ কম্পাছ বেয়া কৰি পেলাইছিল। আৰু সেইবাবে এবাৰ পৰ্তুগীজসকলে সেই বিশালকায় চুম্বক লৈ গৈছিল আৰু তাৰ পিছতেই মন্দিৰটোও ভাঙি পৰিছিল।