পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংমিশ্ৰিত হৈ পৰে আৰু উষ্ণতাৰ ইমান বেছি পাৰ্থক্যই লাভাবোৰক প্ৰায় লগে লগেই কঠিন কৰি পেলায়, যাৰ ফলত বতাহ আৰু পানীবোৰ কঠিন হৈ পৰা শিলটোতে থাকি যায়, কিছু ক্ষেত্ৰত কিছুমান পিউমিচ্ শিলৰ প্ৰায় ৯০% সেই বুৰবুৰণিৰে গঠিত হয়। এই ঘটনাৰ বাবে ই স্পঞ্জৰ দৰে কাম কৰে আৰু ফলস্বৰূপে পানীত ওপঙি থাকে। কিন্তু যিহেতু সেই বিন্ধাবোৰত লাহে লাহে পানী সোমাবলৈ ধৰে সেইবাবে এই শিল বোৰ চিৰদিনৰ বাবে ওপঙি নাথাকে আৰু সেইটো কাৰণতেই হয়তো ৰাম সেতু আজি পানীৰ তলত।

এই দ্বিমতৰ কোনোটোকেই নুই কৰিব নোৱাৰি, কিন্তু কোনোটোকেই সম্পূৰ্ণৰূপে আঁকোৱালিও ল’ব নোৱাৰি। এফালে প্ৰশ্ন আহে, যদি সঁচাকৈয়ে এই সেতুখন প্ৰকৃতিয়ে সজা তেন্তে ৰামায়ণত ইমান বেলেগকৈ প্ৰকাশ কৰাৰ কি দৰকাৰ আছিল, আৰু এইখন প্ৰকৃতিয়ে সজা বুলিও ভূ-তত্ত্ববিদসকলে সম্পূৰ্ণ তথ্য সহকাৰে ক'ব পৰা নাই, আনহাতে

যদি এই সেতুখন পিউমিচ্ শিলেৰেই গঠিত তেন্তে ইমানখিনি সৈন্য কিদৰে সেইখন সেতুৰ ওপৰেদি পাৰ হৈছিল, কিয়নো যি বস্তু পানীত ওপঙি থাকিব পাৰে, তাৰ ওপৰেদি, ইমান এক বিশাল সৈন্য দল কিদৰে পাৰ হৈ যাব পাৰিব?

 কথাবোৰ সকলোপিনৰ পৰাই ভাবিবলৈ যত্ন কৰিব লাগিব। এনেকুৱাও হয়তো হ’ব পাৰে, তেনেকুৱা এক সেতু সঁচাকৈয়ে তথ্যমতে ভূ-ভাগ খণ্ডিত হওঁতে গঠন হৈছিল, আৰু তাকেই পিছলৈ ৰামায়ণৰ কাহিনীত ব্যৱহাৰ কৰা হ'ল। পুৰাণ, ৰামায়ণ, মহাভাৰত-এই কাহিনীসমূহ যে সম্পূৰ্ণ কাল্পনিক নাছিল, সেই কথা সকলোৱেই মানি ল’ব। কিন্তু সমাজত এই কাহিনীসমূহৰ যোগেদি প্ৰকাশ কৰিব বিচৰা বাৰ্তাসমূহ প্ৰেৰণ কৰিবৰ বাবে কিছুমান কাল্পনিক কথাৰো আশ্ৰয় লোৱাটো যুক্তিসংগত বুলিয়েই

ক'ব পাৰি। সাধাৰণ এটি উদাহৰণ-মহাভাৰতৰ যুদ্ধৰ আৰম্ভণিৰ আগত গীতাৰ মাহাত্ম্য

◀ৰহস্যময় ভাৰত▶ ২৪