এই দৰেই বাকী পৃথিৱী প্ৰলয়ংকাৰী বানে নিঃশেষ কৰিছিল কিন্তু মনু আৰু বাকীসকল ৰক্ষা পৰিছিল। মৎস পুৰাণৰ মতে মনুৰ নাওখন মলয়া পৰ্বতৰ ওপৰত ৰখা হৈছিল। এই পৰ্বতলানি ভাৰতৰ উত্তৰ দিশত মনালিৰ ওচৰত থকা বুলি অনুমান কৰিব পাৰি। ঠাইখন ১৮০০ৰ পৰা ২০০০ মিটাৰ উচ্চতাত আছে। মনালি শব্দটোও মনুৰ আলয় আছিল বাবে হৈছে বুলি কোৱা হয়। সম্পূৰ্ণ পৃথিৱীৰ ভিতৰত একমাত্ৰ মনালিতেই মনুৰ এক পৌৰাণিক মন্দিৰ আছে। যেতিয়ালৈকে বান শেষ হোৱা নাছিল মনু সেই নাওখনতেই তেতিয়ালৈকে আছিল। প্ৰলয়ংকাৰী বান শেষ হোৱাৰ পিছত মনুৱে নতুন কৈ জীৱৰ পাতনি মেলিছিল বুলি কোৱা হয় আৰু সেইবাবে আজিৰ সকলোকে মানৱ অথবা মানুস অৰ্থাৎ মনুৰ পুত্ৰ বুলি কোৱা হয়।
ইমানখিনি কম আশ্চৰ্য্যকৰ আছিল নে যে এতিয়া বাইবেলৰ নোৱাৰ লগতো এই কিংবদন্তী মিলিবলৈ ললে! জেনেচিচ (৬ – ৯) লৈকে ঠিক একে ধৰণৰ কাহিনী এটাই আছে। তাত লিখা আছে যে মানুহৰ সেই সময়ৰ দুষ্কাৰ্যবোৰ দেখি ভগৱানে সকলোবোৰ প্ৰলয়ংকাৰী বানৰ দ্বাৰা ধ্বংস কৰিবলৈ মন মেলিলে। তাৰ মাজতে এজন সাধু পুৰুষ যাৰ নাম নোৱা আছিল তেওঁক ভগৱানে ভৱিষ্যতৰ দায়িত্ব দিলে। ভগৱানে কোৱা মতেই নোৱাই এখন বিশাল নাও সাজিলে য'ত তেওঁ আৰু তেওঁৰ পৰিয়াল আৰু সকলো জীৱিত প্ৰাণীৰ একোযোৰা আৰু খাদ্য ভৰাই ল'লে। নাওত উঠাৰ পিছত একেৰাহে ৪০ দিন, ৪০ ৰাতি প্ৰলয়ংকাৰী বৰষুণ দিলে আৰু একেৰাহে ১৫০ দিনৰ বাবে পৃথিৱীখন পানীৰ কৱলত থাকিল। যিমান জীৱ আছিল সকলো মৃত্যুৰ কৱলত পৰি নিঃশেষ হৈ গ’ল। সকলোবোৰ শেষ হোৱাৰ পিছত নাওখন আৰালত পৰ্বতত ৰখোৱা হ'ল আৰু নোৱাই নতুন কৈ সৃষ্টিৰ পাতনি মেলিলে।
ঠিক একে ধৰণৰ কাহিনী গিল্লামেষ, চুমাৰ, বেবিলন, গ্ৰীচ, আমেৰিকাৰ মায়ান সকল আৰু আফ্ৰিকাৰ য়ৰোবাসকলৰ মাজতো প্ৰচলিত হৈ আছে।
বেদৰ প্ৰলয়ংকাৰী বান আৰু বাইবেলৰ প্ৰলয়ংকাৰী বানৰ মাজত থকা কেইটামান মিল হ’ল –
উক্তোক্ত মনু আৰু নোৱা দুয়োজনৰে তিনিজন সন্তান আছিল,
বানৰ সময়ত মানৱ জাতি শুদ্ধ হৈ থকা নাছিল,