পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভগৱান, আমাৰ অতীত
আৰু কিছু নক'বলগীয়া কথা

 হয়, আপুনি ঠিকেই ভাবিছে, আজি আমি এনে কিছুমান কথা পাতিম, যিখিনি কথা পাতিলে সমাজে আমাক এঘৰীয়া কৰিবলৈ দুনাই নাভাবিব। এনে কিছু কথা যিখিনি আঙুলিৰ মূৰত গণিব পৰা কিতাপত হে আছে, সেয়াও লোকচক্ষুৰ আঁতৰৰ পৰা, কিয়নো, আজিৰ বিজ্ঞ সমাজে সেই কিতাপখিনিৰ নাম ল'ব নোখোজে। আজি আমি যি বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, সেইখিনি কথা কাৰো বাবেই আলোচ্য বিষয় নহয়। হ’বও নো কিয়? ভবিষ্যতৰ সপোন লৈ আমি ইমানেই মগ্ন হৈ পৰিছোঁ যে আমি আমাৰ সেই বিস্ময়কৰ অতীতটোক ভালদৰে চালিজাৰি চাব লাগে বুলিও প্ৰয়োজনবোধ কৰা নাই। ইয়াতে কৈ থওঁ, যি ইতিহাসৰ কথা আমি বিদ্যালয়, কলেজত পঢ়িবলৈ পাওঁ, (সঁচা ক'বলৈ গ'লে মোৰ ইতিহাসৰ শ্ৰেণীত বৰশী বোৱাৰ বাদে একো নহৈছিল) সেই ইতিহাসতকৈ ইয়াত ক'বলৈ যোৱা ইতিহাস সম্পূৰ্ণৰূপে বেলেগ, কিয়নো আমি ইতিহাসৰ শ্ৰেণীত আজিলৈকে পঢ়া নাই যে অতীতত কেইবাবাৰো অজ্ঞাত ভগৱানে আমাক চাবলৈ আহিছিল। সেই ইতিহাসত আমি পঢ়া নাই যে সম্পূৰ্ণ পৃথিৱীতেই সেই অজান ভগৱানে এনে কিছু বিস্ময়ীভূত কাৰ্য্য কৰি গৈছে, যি আজিও আমাৰ বাবে সম্ভৱ নহয়। সেয়েহে এতিয়াই ক'ব বিচাৰো, যদিহে আপুনি কোনো ভয়াতুৰ, গোড়া ভগৱান বিশ্বাসী (বিশ্বাস কৰক যদি আপুনি সঁচাই তেনে হয়, আপুনি ভগৱানৰ অৰ্থ নাজানে), পৰিৱৰ্তন নিবিচৰা, যুক্তি সহকাৰে যিকোনো কথা এটা চালি জাৰি চাব নজনা কোনো আকোৰগোঁজ ব্যক্তি হয়, তেন্তে তলৰখিনি নপঢ়িব। কিন্তু আপুনি যদি এজন সাহসী, নতুন কথা জানিব বিচৰা, সঁচাই এখন নতুন, উন্নত ভবিষ্যতৰ সপোন দেখা এগৰাকী সৰল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হয়, তেন্তে নিশ্চিত ভাবে এই লিখনি আপোনাতকৈ ভালদৰে কোনেও বুজিব নোৱাৰে।

তেন্তে আমি আগবাঢ়িব পাৰে নে?

 এটা কথা ভাৱকচোন, আমাৰ পৃথিৱীখনত থকা সকলোবোৰ ভাস্কৰ্য্য বাৰু সঁচাই আমাৰ পূৰ্বজ সকলে নিৰ্মাণ কৰা নে? আমাৰ পুৰাতত্ত্ব বিজ্ঞানে এনে কিছু তথ্য উদ্ধাৰ কৰিছে যি বোৰ সঁচাই আচৰিত- যেনে ধৰক, ১৮শ শতিকাৰ আৰম্ভণিতে জেনেৰেল পিৰি ৰেইজৰ পুথিভঁৰালত পোৱা আধুনিক গোলকৰ লগত সম্পূৰ্ণ মিল

থকা কিন্তু বহু হাজাৰ বছৰ আগত অঁকা মানচিত্ৰখন, অথবা কোপান মন্দিৰত পোৱা

(ৰহস্যময় ভাৰত) ৫১