পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যেতিয়া ভূ-বিজ্ঞানী আৰু glaciologist ৰ এটা দলে কাম কৰি আছিল Space Applications Centre at Ahmedabad ৰ ড° অনিল কুলকাৰ্নীৰ অধীনত, , তেওঁলোকে প্ৰায় ৪ ফুট ওখ এক ৰবটৰ দৰে কিবাই পাহাৰৰ মাজৰ পৰা ওলাই আহি পোনে পোনে ওপৰলৈ গৈ অদৃশ্য হৈ যোৱা দেখিবলৈ পালে। তেওঁলোকে ধৰিবলৈ সক্ষম হোৱা ভিডিঅ’টোত এই দৃশ্য ভালকৈ চাব পাৰি।

 আকৌ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত পানগংগ হ্ৰদৰ ওপৰত ভাৰতীয় সেনা বাহিনীৰ জোৱানে ১৬০ কিমি দীঘল ফিতাৰ দৰে দেখাত কিবা বস্তু এটা দেখিছিল। তেওঁলোকে mobile ground-based radar আৰুspectrumanalyzer আনি পৰীক্ষা কৰিবলৈ ল'লে। যদিও বস্তুবিধ খালী চকুৰে দেখা গৈ আছিল, কিন্তু ৰাডাৰত দেখা পোৱা নগ’ল, আৰু spectrum analyzer ৰেও বস্তুটোৰ চিগনেল বিচৰাত অসক্ষম হ’ল। সেনাৰ লোকসকলে reconnaissance drone এৰি বস্তুটোৰ পিছ লৈছিল যদিও দ্ৰোনবোৰ নিজৰ অধিকতম উচ্চতা পোৱাৰ পিছত ঘূৰি আহিবলৈ বাধ্য হ’ল। বস্তুটো ইতিমধ্যে তেওঁলোকৰ চকুৰ পৰা আঁতৰিছিল। সেইবছৰে ১ আগষ্টৰ পৰা ১৫ অক্টোবৰৰ ভিতৰত ভাৰত-তিব্ৰতৰ বৰ্ডাৰ পুলিছ (ITBP) আৰু ভাৰতীয় সেনাই লাড়াখত UFO দেখা পোৱা বুলি জনায়।

 হয়তো দুয়োখন দেশৰে চৰকাৰে এই বিষয়ে জানে। হয়তো চকু থাকিও সকলো অন্ধ। কিন্তু একো কাৰণ নোহোৱাকৈ ইমানখিনি মানুহে যে কেৱল মিছা কথা কব, সেই কথা মানি ল’বলৈ টান লাগে। হয়টো তাত সঁচাকৈয়ে কিবা আছে লোকচক্ষুৰ আৰত, সংগোপনে যি ৰৈ আছে, সঠিক সময়ৰ বাবে।

তথ্য সংগ্ৰহ—

https://coolinterestingstuff.com/the-kongka-la-pass-ufo-base

https://en.wikipedia.org/wiki/Kongka_Pass

https://www.indiatoday.in/magazine/nation/story/20121112-ufo-seen-in-ladakh-jammu-and-kashmir-by-indian-army-itbp-760402-2012-11-02

http://theunexplainedmysteries.com/china-india-ufo.html

http://ufosightingshotspot.blogspot.com/2016/01/google-earth-blacked-out-secret-ufo.html

https://www.quora.com/What-is-the-truth-behind-the-Kongka-La-Pass-UFO-base-mystery

■ৰহস্যময় ভাৰত।২৭■