পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভানগঢ় দুৰ্গ-ভাৰতৰ অন্যতম ভূত বাংলা


 প্ৰাচীন ভাৰতৰ কাৰিকৰী জ্ঞানৰ এক অন্যতম নিদৰ্শন হ’ল বিভিন্ন ৰাজ্যত অৱস্থিত বিভিন্ন ধৰণৰ দুৰ্গসমূহ। তাৰে মাজৰ এক সাংঘাতিক দুৰ্গ হ’ল ভানগঢ় দুৰ্গ। ১৭শ শতিকাত আকবৰৰ নৱৰত্নৰ মাজৰ এজন মান সিঙে তেওঁৰ ভায়েক মধু সিঙৰ বাবে এই ভানগঢ় দুৰ্গ বনাইছিল। ৰাজস্থানৰ আলৱাৰ জিলাৰ সৰিক্সা বাঘ সংৰক্ষণৰ ওচৰতে অৱস্থিত এই দুৰ্গটো মধু সিঙে তেওঁৰ ককাক মান সিং বা ভান সিঙৰ নামেৰে নামকৰণ কৰিছিল। দুৰ্গটোৰ কাষৰীয় ঠাইত প্ৰায় ২০০ ঘৰ মানুহেৰে ১,৩০৬জন লোকে বাস কৰিছিল। কিন্তু এই দুৰ্গটো ভাৰতৰ ভিতৰতে আটাইতকৈ ভয়লগা ভূতৰ দুৰ্গ হিচাপেহে সকলোৰে মাজত পৰিচিত। হয়তো সেইবাবেই ভাৰতীয় পুৰাতত্ব বিভাগেও সন্ধিয়া ৬ বজাৰ পিছত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষেধ কৰি থৈছে।

 দুৰ্গৰ বিষয়ে এক ধৰণৰ বিশ্বাস আছে যে কোনো মানুহেই সূৰ্য্যান্ত হোৱাৰ পিছত এই দুৰ্গত থকাৰ সাহস কৰিব নোৱাৰে, আৰু যি কেইজনে সাহস কৰিছিল, তেওঁলোকো আধা ৰাতিতে প্ৰাণৰ ভয়ত পলাব লগা হৈছিল এই দুৰ্গৰ অতীতৰ বিষয়ে দুই ধৰণৰ আখ্যান পোৱা যায়। এক আখ্যান মতে সেই দুৰ্গটো সজোৱাৰ আগৰে পৰা সেই ঠাইত বাবা বালু নাথ নামেৰে এজন সাধু বাস কৰিছিল। তেওঁ দুৰ্গটো সাজিবলৈ দিছিল কিন্তু এটা চুক্তিতহে যে সেই দুৰ্গৰ ছাঁ তেওঁ বাস কৰা ঠাইত কেতিয়াও পৰিবলৈ নহ’ব। যদি কেতিয়াবা সেয়া হয়, তেন্তে গোটেই চহৰ খনেই ধ্বংসস্তু পলৈ পৰিবৰ্তিত

হব।ৰজাই কেইবাতলীয়া কৈ দুৰ্গটো সাজিলে আৰু যেতিয়াই ইয়াৰ ছাঁ বালু নাথৰ

◀ ৰহস্যময় ভাৰত ▶ ৩৩