পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজা চিন্তিত হ’ল, আৰু কৌতূহল সামৰিব নোৱাৰি কোঠালিটো খুলি কাম হৈছে নে নাই চাবলৈ সোমাই গ'ল। বিশ্বকৰ্মাই তেতিয়া কাম নকৰাকৈ আধাতে কাম সমাপ্ত কৰি গুচি গ'ল। সেয়েহে আজিও আমি জগন্নাথ ধামত থকা জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি আধৰুৱাকৈয়ে দেখিবলৈ পাওঁ।

 আনহাতে মূৰ্তিৰ গঠনৰ ফালে চালে সেই ঠাইৰ জনগোষ্ঠীয় চাপ দেখা যায়। আমাৰ বিচাৰ্য্য বিষয় পিছে এইমূৰ্তিসমূহ নহয়, সেই আখ্যানত কোৱা কৃষ্ণৰ হৃৎপিণ্ডটোহে। বাকী আখ্যান কিমান দূৰ সত্য বা কিমান অসত্য কব নোৱাৰি, কিন্তু ভাবি আচৰিত লাগে এই হৃৎপিণ্ডটো সঁচাকৈয়ে আছে। আজি ইয়াক ব্ৰহ্মা বুলি কয়। প্ৰতি ১২ অৰ পৰা ১৮ বছৰৰ ভিতৰত এই তিনিওটা মূৰ্তি নতুন কৈ সজা হয়, যাক নৱকলবেৰাৰ উৎসৱ বুলি জনা যায়। কিন্তু ভিতৰৰ সেই ব্ৰহ্মা সলনি কৰা নহয়। পুৰণি মূৰ্তিৰ পৰা নতুন লৈ নিয়া হয়। বিশ্বাস কৰিবনে আমি আজিৰ একবিংশ শতিকাৰ মানুহ হৈও সেই বিধান কৰা সময়ত উৰিষ্যাৰ চৰকাৰে বিদ্যুত সংযোগ বিচ্ছিন্ন কৰি দিয়ে, যাতে সেই ব্ৰহ্মাক নতুন মূৰ্তি লৈ নিওতে একো কষ্ট নহয়। কেৱল ইমানেই নে? আজিলৈকে ইমানবাৰ এই ব্ৰহ্মা সলনি কৰা হৈছে যদিও কোনেও এই ব্ৰহ্মানো কি বুজাই ক’ব পৰা নাই। ঠিকেই বুজিছে, আজিলৈকে কোনেও নাজানে এই ব্ৰহ্মানো হয় কি? নতুন মূৰ্তি লৈ নিয়াৰ সময়ত ধামৰ সকলো কেমেৰা বন্ধ থাকে, মাজ নিশাৰ পিছত এই কাৰ্য্য সম্পন্ন কৰা হয় আন্ধাৰৰ মাজত, চৰকাৰেও বিদ্যুতৰ যোগান বন্ধ কৰি দিয়ে, যিজন পুৰোহিতে এই কাৰ্য্য সম্পন্ন কৰে তেওঁৰ চকু আৰু হাত কাপোৰেৰে বান্ধি দিয়া হয়, যাতে চুব নোৱাৰে। যেতিয়া পুৰোহিত সকলক এই অনুভৱৰ কথা সোধা হয়, তেওঁলোকে এই ভাষ্য দিয়ে যে এই ব্ৰহ্মা কেনেকুৱা বুজাব নোৱাৰি। যেন কোনো শহা পহু হাতত জঁপিয়াই আছে, তেনেকুৱা অনুভৱ হয়। আজিলৈকে কোনেও এই ব্ৰহ্মাক না চুইছে, না দেখিছে, না বুজিছে। আচৰিত, ধৰ্মৰ নামত আমি কিমান যে কি কৰা নাই!

 মনত উদয় হোৱা প্ৰশ্ন অলেখ। যদি সঁচাই ই কৃষ্ণৰ হৃৎপিণ্ড হয়, তেন্তে ইয়াৰ অৰ্থ এইটোৱেই যে মহাভাৰতত কোৱা বাকী কাহিনীবোৰো সঁচা। আৰু যদি হৃৎপিণ্ডই হয়, তেন্তে ইমান শ শ বছৰ কেনেকৈ ই ঠিকে আছে? কোৱা হয়, সকলো জীৱৰ উৎপত্তি ব্ৰহ্মাৰ পৰাই হৈছে। আৰু এই ব্ৰহ্মাতে বহু কথা লুকাই আছে। এই ব্ৰহ্মা নো কি, অথবা ইয়াৰ পৰা আমি কিমান কথা জানিম, সেয়া আমি এই ব্ৰহ্মাক অধ্যয়ন কৰিলেহে গম পাম| আন ফালৰ পৰা ক'বলৈ গলে আকৌ ব্ৰহ্মা মানেই শক্তি! তেন্তে কি আছে লুকাই সেই মূৰ্তিৰ মাজত? বৈজ্ঞানিকভাবে বিশ্লেষণ হ’ব নে? চৰকাৰেই যদি সমগ্ৰ চহৰৰ বিজুলী নোহোৱা কৰি এনে কামত সহায় কৰিছে, তেন্তে আমি কি আশা কৰিব পাৰো চৰকাৰৰ পৰা? হয়তো তাত কিবা ৰহস্য আছে; হয়তো এয়া এক ডাঙৰ

ব্যৱসায়ৰ গুপুত ৰহস্য! হয়তো বুলি কৈ বহু কাৰণেই দৰ্শাব পাৰি। কিন্তু কথা আহে,

(ৰহস্যময় ভাৰত।) ২