শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য
শ্ৰীকৃষ্ণৰ
জন্ম-ৰহস্য।
⸻
শ্ৰীৰমাকান্ত শৰ্ম্মাৰ ৰাদ্বা
সংগৃহীত ও প্ৰকাশিত।
(পলাশবাডী কামৰূপ।)
সন ১৩১৫।
কলিকতা,
১২১ নং আমহাৰ্ষ্ট ষ্ট্ৰীট, “ৰাধাৰমণ যন্ত্ৰে”
শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা
মুদ্ৰিত।
বেচ ৷৹ চাৰি অনা।
[ ২ ]
শ্ৰীকৃষ্ণৰ
জন্ম-ৰহস্য।
শ্ৰীৰমাকান্ত শৰ্ম্মাৰ দ্বাৰা
সংগৃহীত ও প্ৰকাশিত।
(পলাশবাড়ী কামৰূপ।)
সন ১৩১৫।
⸻
কলিকাতা,
১২২ নং আমহাৰ্ষ্ট ষ্ট্ৰীট, “ৰাধাৰমণ যন্ত্ৰে”
শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা মুদ্ৰিত।
পাতনি।
এই জন্ম ৰহস্য নামে সৰু পুথি খনি আন আন ভালেমান লাগতীয়াল পুথিৰ পৰা সংগ্ৰহ কৰি আনি ছাপোৱা হ’ল। পাঠক সকলৰ ওচৰত আদৰণীয় হলে মোৰ যত্ন সফল হব বুলি আমি কৰিবো।
পলাশবাড়ী |
বিনীত |
জন্ম-ৰহস্য।
শ্ৰীশ্ৰীকৃষ্ণয় নমো নমঃ।
অচ্যুতং কেশবং বিষ্ণু হৰি সত্য জনাৰ্দ্দনম্।
হংস নাৰায়ণং চৈব এতন্নামাং স্তকংসুভং॥
পদ।
জয় জয় কৃষ্ণ পূৰ্ণ ব্ৰহ্ম কলেৱৰ।
জগত কাৰণ দেৱ দেৱ মহেশ্বৰ॥
মৎস্য কুৰ্ম্ম আদি যাৰ অংশ অৱতাৰ।
হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ॥
যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ।
সৃষ্টিস্থিতি প্ৰলয় কৰন্ত নিৰন্তৰ॥
যাৰ নামে হোৱে মহা পাপীয়ো উদ্ধাৰ।
হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ॥
জয় নমো নাৰায়ণ দৈৱকী নন্দন।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ॥
কৰোঁ হেন কৃষ্ণৰ চৰণে নমস্কাৰ।
আৰম্ভৰ সিদ্ধি হোক চৰণে প্ৰচাৰ॥
হে কৃষ্ণ কৃষ্ণ প্ৰভু তুমি মোৰ স্বামী।
চৰাচৰ জগতৰ তুমি অন্তৰ্য্যামি॥
পৰম অজ্ঞানী ময় মহা মূঢ়মতি।
জানি হৃষিকেশ মোত দিয়া অনুমতি॥
হৃদয়ৰ গুৰু তুমি বিনে নাই কেৱ।
জানিয়া তোমাৰ পাৱে পৰি কৰোঁ সেৱ॥
প্ৰণত পালক প্ৰভু তুমি হৃষিকেশ।
কৃপাময় কৃষ্ণ মোত দিয়ো উপদেশ॥
নমো নমো কৃষ্ণ দুষ্ট দৈত্য অন্তকাৰি।
শঙ্খ চক্ৰ গদা পদ্ম যাৰ অস্ত্ৰ চাৰি॥
হেনয় কৃষ্ণক কৰু চৰণে প্ৰণতি।
কহয় মাধৱ দাস মহামূঢ় মতি॥
কৃষ্ণ পদ পঙ্কজক ধৰি এক মনে।
কৰি নমস্কাৰ নিজ গুৰুৰ চৰণে॥
বিৰঞ্চীবু জন্ম-ৰহস্যৰ কথা সাৰ।
হ'ক পদ কৃষ্ণ পদে প্ৰসাদে প্ৰচাৰ॥
জন্ম ৰহস্যৰ কথা সাক্ষাতে অমৃত।
ভাগৱত কথা আত কৰিবো মিশ্ৰিত॥
কৃষ্ণ কথা সঞ্জগত হৈবে ৰুচিকৰ।
ৰত্ন জৰে চৰে যেন কান্তি সুবৰ্ণৰ॥
বলো কৰ জোৰে শুনিয়োক সভাসদ।
মূৰ্খ হুয়া কৰোঁ জন্ম-ৰহস্যৰ পদ॥
আমাৰ পদত কেহোঁ নধৰিব দোষ।
কৃষ্ণ কথা শুনি হুয়ো মনত সন্তোষ॥
মই কেন মূঢ়মতি শুনা সৰ্ব্বজনে।
কৰিয়াছে পদ মহা মহাসাধু জনে॥
তাকে দেখি মই পদ কৰিবাক চাওঁ।
গৰুড়ৰ উৰক টৈপেচি হুই ধাওঁ॥
মোৰ ইতো দোষ ক্ষমা কৰিও যতনে।
কৃষ্ণ কথা অমৃতক পীয়ো এক মনে॥
কৃষ্ণৰ জন্মৰ কথা অমৃততোধিক।
কৰি এক চিত্ত মনে সবে সমাজিক॥
কলিযুগে আৰু আতপৰে আন নাই।
সমস্তে শাস্ত্ৰৰ এহি মক্ষ অভিপ্ৰায়॥
স্বভাৱে কলিৰ লোক ভৈলা দুৰাচাৰ।
পাতৰি ধৰ্ম্মে কৰ্ম্মে নাহি অধিকাৰ॥
ৰাম নাম দুগুটি অক্ষৰ যিটো গাৱে।
তৰিব সংসাৰ সিতো জানিবা স্বভাৱে॥
হেন জানি শুনা পাপ কৰিয়া উচ্ছাদ।
জন্ম-ৰহস্যৰ কৃষ্ণ নাৰদ সংবাদ॥
পৰম মঙ্গল সৰ্ব্ব পাপ বিনাশন।
ধৰ্ম্ম অৰ্থ কীৰ্ত্তি যশ আয়ু বহু ধন॥
শ্ৰবণ মাত্ৰকে মহা কৃত্যকৃত্য হোৱে।
সাধে সৰ্ব্ব সিদ্ধি একো বিঘিনি নপাৱে।
ভৈলা একান্বয় ঘোৰ প্ৰলয় জলত।
নস্ত ভৈলা স্থাৱৰ জঙ্গম আছে যত॥
চন্দ্ৰ, সূৰ্য্য, বায়ু গ্ৰহ নক্ষত্ৰ সমস্ত।
তিনিয়ো জগত প্ৰলয়ত গৈলা অস্ত॥
স্থূল কায়া ভগ্ন ভৈলা সমস্তে জীৱৰ।
সূক্ষ্ম শৰীৰ মাত্ৰ ভৈলা নিৰন্তৰ ॥
কৰিলা সংঙ্কোচ কৃষ্ণে মায়া আপুনাৰ।
নিজ ৰূপে ৰাখিলেক সমস্তে সংসাৰ॥
নিজ ঐশ্বৰ্য্যক হৰি কৰিয়া প্ৰকাশ।
সমস্তে জগত উদৰত দিয়ে বাস॥
জগত সংহৰি হৰি কৰি মহালিলা।
অনন্ত সূৰ্য্যক হৰি অকলে হৰিলা।
আত অনন্তৰে কথা শুনা সভাসদ।
হৰিগুণ গায় মুখে ফুৰন্ত নাৰদ॥
নোছোৱে তাহাক একো প্ৰলয়ৰ দোষে।
মিলিল তহিত আসি পৰম সন্তোষে॥ .
সাক্ষাতে কৃষ্ণক দেখিলন্ত মুনি বৰে।
প্ৰকাশে শৰীৰ কোটি সূৰ্য্য শশোধৰে॥
মৰকত সম শ্যাম তাতে পতি বাস।
সজ্জল মেঘত যেন বিজুলি প্ৰকাশ॥
প্ৰসন্ন বদন কোটি চন্দ্ৰ সম জলে।
যতুৰ কিৰিটি শিৰে সম নাহি মলে॥
কমল লোচন কৰ্ণে মকৰ কুন্তল।
তাৰ ৰশ্মি প্ৰকাশে পাণ্ডৰ গণ্ড স্থল॥
ভ্ৰৰ সুবলিত দন্ত মুকুতাৰ পান্তি।
ললাটত ৰত্নৰ তিলকে কৰে কান্তি॥
সুন্দৰ নাসিকা যেন ৰত্ন তিল ফুল।
ইসৎ হাসিত চাৰু অধৰ ৰাতুল॥
অলকা পঙ্কতি প্ৰকাশিত অতিশয়।
পদ্মক বেৰিয়া যেন ভ্ৰমৰে গুঞ্জয়॥
ৰচিৰ ছিবুক নীল আঙ্কশতি কেশ।
চুৰা মনি ৰত্নে তাতে প্ৰকাশে বিশেষ॥
কণ্ঠত কস্তুভ নয় আদিত্যৰ ক্ৰান্তি।
বহুল হৃদয় তাতে শ্বৰীৎসৰ পান্তি॥
জিলি মিলি হাৰ মণি মুকুতাৰ মালা।
নানাৰত্নে বিৰচিত কোটিত মেখলা॥
পঞ্চ বৰ্ণ বন মালা আপদ লম্বিত।
হৃদয় মধ্যত লক্ষী ভৈলন্ত বিদিত॥
আজানুলম্বিত জলে বাহু চাৰিখান।
ভুজঙ্গৰ অঙ্গ যেন দেখিতে সুঠান॥
কেজুৰ কঙ্কৰ তাতে ৰতনে জৰিত।
কৰতল ৰাতুল কমল মননিত॥
সুদীৰ্ঘ আঙ্গুলি ঝাপ সোণাৰ আঙ্গুষ্টি।
নখ চন্দ্ৰ প্ৰকাশে দেখন্তে মনতুষ্টি॥
শঙ্খ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ।
কান্ধে নৱ গুণ শৰীৰত পীত বস্ত্ৰ॥
ললাটত বলি উদৰত ৰেখা তিনি।
সুগম্ভিৰ নাভি ৰত্নে জৰিত কিঙ্কিণী॥
পাট পতি ভূণি উৰু সম কৰি কৰ।
সম জানু জঙঘ মাঝে ৰত্নৰ হাৰৰ॥
দুখনি চৰণ যেন নৱ পদ্ম কোষ।
যাক দেখি ভকতৰ মনত সন্তোষ॥
তাৰ মাজে জলে আতি উঝতি ৰত্নৰ।
জলে নখ মনি নৱ চন্দ্ৰ সমসৰ॥
তাৰ মাজে ৰত্নৰ নেপুৰে কৰে কান্তি।
চম্পাৰ পাকৰি নৱ আঙ্গুলিৰ পান্তি॥
ৰাতুল কমল পদতল মননিত৷
ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশে অলঙ্কৃত॥
শৰীৰৰ কান্তি দশ গুণে প্ৰকাশন্ত।
হেনৰূপ কৃষ্ণৰ নাৰদে দেখিলন্ত॥
আনন্দে দ্ৰবিল মন শৰীৰ সিহৰে।
পৰম প্ৰেমত নয়নৰ নিৰ পৰে॥
ডাক চাৰি উচ্ছৰিলা ৰাম কৃষ্ণ নাম।
কৰিলা সাদৰে পৰি অষ্টাঙ্গে প্ৰণাম॥
চৰণত পৰি আছিলন্ত কতো বেলি।
উঠি পুনৰপি মুনি কৰি কৃতাঞ্জলি॥
নলয়ই বানি প্ৰেমে বাক্য গদগদ।
স্তুতি কৰিবাক পাচে লাগিল নাৰদ॥
নমো নমো নাৰায়ণ অনাদি অনন্ত।
নিত্য নিৰঞ্জন পূৰ্ণ ব্ৰহ্ম ভগৱন্ত॥
প্ৰকৃতিত পৰ পৰমাৰ্থ বিচাৰত।
তোমাৰ চৰণে কৰোঁ লক্ষকোটি সেৱ॥
কটাক্ষতে কৰা প্ৰকৃতিক অচেতন।
লীলাৰূপে কৰা সৃষ্টি প্ৰলয় পালন॥
ব্ৰহ্ম ৰূপে ধৰি কৰা যত চৰাচৰ।
বিষ্ণু ৰূপে জগতকে পাল নিৰন্তৰ॥
ৰুদ্ৰ ৰূপে কৰা প্ৰভু প্ৰলয় আপুনে।
তথাপি তোমাক নুচুৱে দোষ গুণে॥
কৰিলা অধিক মায়া নিজ যোগ বলে।
তুমি মাত্ৰ সাঞ্চা মিছা প্ৰপঞ্চ সকলে॥
তোমত অন্তৰ নহে জগত যতেক।
তুমি পূৰ্ণ প্ৰভু প্ৰপঞ্চত ব্যতিৰেক॥
যেন মাটি বিনে স্থিতি নাহিকে মটৰ।
ঘট ব্যতিৰেকে মাটি থাকে নিৰন্তৰ॥
তুমি মাত্ৰ সাঞ্চা মিছা নাম ৰূপ যত।
যেন নানা লতা ছয় দেখিয়া বস্ত্ৰত॥
শ্ৰুত মাত্ৰ সাঞ্চা পৰমাৰ্থ বিছাৰত।
এতেকে তুমিসে সত্য তিনিয়ো লোকত॥
জানি তোমাকেসে মাত্ৰ যিতো মহাজনে।
তযু নাম গুণ কৰে শ্ৰবণ কীৰ্ত্তনে॥
প্ৰেম নাম আনন্দ সাগৰ মাজে মজে।
মুকুতি পদকে সিতো তোমাত নোখোজে॥
চাৰিয়ো বেদৰ তত্ব তযু গুণ নাম।
যি জনে সুমৰে আক ত্যেজি আনকাম॥
যিতো জনে ভজে প্ৰভো! তোমাৰ কথাত।
সি সি অপ্ৰয়াসে এই সংসাৰৰ হতে॥
ৰাত্ৰি দিনে সকাম কৰ্ম্মক মাত্ৰ কৰে।
সুদ্ধ নৰকত আয়া জাত কৰি মৰে॥
অনুনয় স্তুতি বানি নাৰদে কৰন্ত।
তঙ্ক পাচে আশ্বাস কৰিলা ভগৱন্ত॥
অনেক সাদৰি হৰি বুলিলন্ত পাচে।
কি কাৰ্য্যে আসিলা মুনি ৰাজ মোৰ কাছে॥
পৰম সুহৃদ তুমি মোৰ প্ৰিয়ত্তম।
নাহি হেন বান্ধৱ নাৰদ তুমি সম॥
হেন শুনি কৃষ্ণত নাৰদ নিগদতি।
তোমাৰ চৰণ আমি দেখিলো সম্প্ৰতি॥
আত পৰে আছে আন কোন প্ৰয়োজন।
তোমাত ভকতি প্ৰভু মোৰ মহাধন॥
মোৰ যেন কাম শুনিয়োক দেৱ হৰি।
সম্প্ৰতি আছাহা তুমি জগত সংহৰি॥
প্ৰলয়ৰ অন্তে সৃষ্টি কৰিবা দুনাই।
কোনৰূপে তাক আমি দেখিবো গোসাঁই॥
যদি মোক অনুগ্ৰহ থাকে বাসুদেৱ।
কহিয়োক নিস্তে চৰণত কৰোঁ সেৱ॥
দেৱৰ দেৱতা তুমি জগত কাৰণ।
নমো ভগৱন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ॥
কহিয়ো নিঃশেষ মোত কৰিয়া নিশ্চয়।
শুনি হেন কথা পাচে কৃষ্ণ কৃপাময়॥
নাৰদক প্ৰতি পাচে কৰুণা মিলিলা।
পৰম আনন্দে কথা কহিবে লাগিলা॥
শুনা সভাসদ সবে কৃষ্ণৰ চৰিত্ৰ।
সুলভে লভিছা জন্ম ভাৰস্ত ভূমিত॥
কৃষ্ণৰ ভকতি বিনে বৃথা যায় আয়ু।
কৈত কেতিক্ষণে পৰে ইতো প্ৰাণ বায়ু॥
দেৱ সবে বাঞ্চা কৰে মনুষ্য হইবাক।
কিনো ভাগ্য অপ্ৰয়াসে পায় আছে আক॥
কৃষ্ণৰেসে কৃপা আত নাহি আন হেতু।
জানি সুখে তৰা ৰাম নাম বান্ধি সেতু॥
কলিত পৰম ধৰ্ম্ম নাম বিনে নাই।
বিছাৰিয়া দেখা গীতা ভাগৱত চাই॥
পৰম বান্ধৱ জানি মাধৱৰ নাম।
পাতেক চাড়োক ডাকি বোলা ৰাম ৰাম॥
দুলৰি
গোবিন্দ বদতি শুনা মুনিবৰ,
পুছিলা যেন আপুনি।
পৰম ৰহস্য মোৰ জন্ম কথা;
একচিত্তে থাকা শুনি॥
ইয়াৰ শ্ৰৱণে কীৰ্ত্তনে হইবে,
সমস্ত পাতেক শুদ্ধি।
অপ্ৰয়াসে মহা মুকুতি পাইবে;
মোত আছে যাৰ বুদ্ধি॥
মৎস্য কুৰ্ম্ম মহা বৰাহ নৃসিংহ,
বামন পৰশুৰাম।
শ্ৰীৰাম হলি ৰাম বোদ্ধ কল্কি,
মোৰ দিব্য দশ নাম॥
এহি দশ ৰূপে আমাক দেখিবা;
তুমি মহা মুনি ৰাজ।
শুনা আবে মই যেন যেন ৰূপে;
কৰিবোহোঁ যেন কাজ॥
ব্ৰাহ্মণ সবৰ মহা প্ৰীতি কৰ;
মোৰ বেদ বাণী যত।
সিতো চাৰিবেদ যাব সবে তল;
প্ৰলয় মহা জলত॥
প্ৰথমতে মই হ’ব অৱতাৰ,
মহা মৎস্য ৰূপ ধৰি।
প্ৰলয় জলৰ হস্তে চাৰি বেদ
আনিবোহোঁ লীলা কৰি॥
সপত সাগৰ হৈ’ব একতৰ,
তাত মহা পীড়া পায়।
কৰিয়া আমাত অনেক ভকতি,
সত্য ব্ৰত মহাৰায়॥
এহি মতে তাকো দিবহো নিৰ্ভয়;
পৃথিবী নৌকাত তুলি।
অভকতে মিছা দেখিবে ভকতে;
জানিবে ঈশ্বৰ বুলি॥
অমৃতৰ পদে মঠিবে সাগৰ;
যত দেৱসুৰ বলে।
মন্দৰ পৰ্ব্বত সমুলঞ্চে তল;
যাবে সাগৰৰ জলে॥
(১৬)
তাৰ অৰ্থে মই; হৈ’ব অৱতাৰ;
কৰ্ম্মৰূপে ভয়ঙ্কৰ।
পৰম লীলায়ে পিঠিত ধৰিয়া;
তুলিবু গিৰি মন্দৰ॥
দুৰ্জ্জন সকলে আক্ৰমিবে ভূমি;
তাত মহাপীড়া পাব।
ভাৰ সহিবাক নপৰি পৃথিবী
ঘোৰ ৰসাতলে যাব॥
হেন দেখি মই হৈব অবতাৰ;
বৰাহ ৰুপক ধৰি।
পাতালৰ হন্তে আনিব পৃথিবী;
দান্তৰ আগে উদ্ধাৰি॥
হিৰণক্ষ নামে দত্যক বধিবো;
দন্তে চিৰি সম্বুদাই।
শুনা মুনিবৰ পৰম কৌতুকে;
থাকিবাহা লীলা চাই॥
মহাসুভনয় হিৰণ্য তনয়;
বৈষ্ণৱ অতি প্ৰহ্লাদ।
মোক হিংসা পদে দুৰ্ব্বাৰ অসুৰে;
কৰিবে অঙ্ক বিবাদ॥
ভকতৰ দুখ দেখি মুনিবৰ;
নসহে হৃদি আমাৰ।
(১৭)
তাহান দুখক খণ্ডিবাক প্ৰতি;
হৈব আমি অবতাৰ॥
অৰ্দ্ধেক শৰীৰ মনুষ্য আকাৰ;
অৰ্দ্ধেক হিব সিংহ।
মহা ভয়ঙ্কৰ দিব্য কলেৱৰ;
দেখিতে অতিবিৰিস্থ॥
দেখি সিতো মোক কৰিবে প্ৰহাৰ;
দৈত্য মহা অহঙ্কাৰি।
পৰম লীলায়ে বধিবো তাহাঙ্ক;
হৃদয় নখে বিদাৰি॥
ভক্ত প্ৰহ্লাদক; কৰিয়া আশ্ৰয়;
দেৱকো দিবো নিৰ্ভয়।
এহি ৰূপে মোক আপুনি দেখিবা;
তুমি মুনি মহাশয়॥
সত্য ত্ৰেতা দুই যুগৰ মধ্যত;
অদ্বিতিত হুয়া জাত।
হৈবন্ত অদিতি কাস্যপ দ্বাদষ;
ঋষিৰ বিৰ্য্যে সাক্ষাত॥
তাসম্বাক বলি স্বৰ্গৰ নিকলি;
খেদাব গাৱৰ বলে।
পৃথিবীত ভিক্ষা মাগি ফুৰিবেক;
যতেক দেৱ সকলে॥
অদিতী আসিয়া মোক আৰাধিব;
দেখি দুঃখ দেৱতাৰ।
অদ্বিতীৰ গৰ্ভে বামন স্বৰূপে;
হৈ’ব আসি অৱতাৰ॥
দেখি মোক অতি ব্ৰাহ্মণ সকলে;
কৰিবে স্তুতি ভকতি।
বতু ৰূপ ধৰি চলি যাব পাচে;
বলিৰ সভাক প্ৰতি॥
চলিয়া বলিক পাতালে পঠাবো;
নাহিকে আত সংশয়।
পাচে বিদ্যমানে নিজ নিজ থানে;
থাপিবো দেৱতা ছয়॥
আপুনি উপেন্দ্ৰ হৈব জগতৰ;
খণ্ডিবো সবে আপদ।
হেন দিব্য ৰূপ আমাক সাক্ষাতে;
দেখিব পাচে নাৰদ॥
জন্ম-ৰহস্যৰ কথা মনোহৰ;
কহন্ত আপুনি হৰি।
পৰম কৌতুকে আচন্ত নাৰদ;
শুনি এক চিত্ত কৰি॥
পৰম অমৃত কৃষ্ণৰ চৰিত্ৰ;
শুনা সমাজিক লোক।
কৃষ্ণৰ চৰণ ধৰি এক মনে;
পুৰুষ উদ্ধাৰ হৌক॥
ভৈলা অচেতন পৰে কেতিক্ষণ;
ক্ষণেক ইতো শৰীৰ।
কৰে তল বল পদ্মৰ পত্ৰৰ;
যেন জল নহে স্থিৰ॥
ভাৰত ভূমিত দুৰ্ল্লভ মনুষ্য;
শৰীৰ আচাহা পাই।
কোটি কোটি জন্মে অন্তৰে সেণ্টৰে;
নপাবা আক দুনাই॥
জন্ম চিন্তামনি সংসাৰ তৰণী;
নিল আক আলে জালে।
বিষয়ত আউল ভৈলা যেন বাউল;
গিলি আসিলেক কালে॥
জানিয়া কৃষ্ণৰ চৰণে শৰণ;
লয়ো এক চিত্ত কৰি।
শুনা সভাসদ হৈয়া নিশবদ;
কেন কৃপাময় হৰি॥
পুতুনা পিশাসী দিলা বিষ গুণ;
কৃষ্ণক মাৰিবে মনে।
তথাপিতো তাইক জননীৰ গতি;
দিলা প্ৰভু নাৰায়ণে॥
যাক সম নাই পাতকি লোকত;
মহা পাপী অজামিল।
নামৰ অভ্যাসে স্মৰণ মাত্ৰকে;
তাকো বৈকুণ্ঠক নিল॥
এতেকে জানিবা নামৰ সমান;
ধৰ্ম্ম নাহি সংসাৰত।
ত্যেজি আন মন কৰিয়া যতন;
শৰণ লৈয়ো নামত॥
কলিৰ দুৰ্ঘোৰ পাপ সাগৰত;
তৰিবাৰ সুখ পন্থ।
সাৰ তত্ব কৰি ইহাকে কহয়;
গীতা ভাগৱত গ্ৰন্থ॥
যাৰ আছে ইচ্ছা সংসাৰ সাগৰে;
নিকাৰ তৰিতে কাম।
ৰচিলা মাধৱ নামেসে বান্ধৱ;
ডাকি বুলা ৰাম ৰাম॥
পদ।
নাৰায়ণ বদতি শুনিয়ো মুনিবৰ।
মোহৰ জন্মৰ কথা আত অনন্ত।
জামদগ্নি নামে ঋষি হৈবন্ত প্ৰক্ষাত।
এক অংশে তোহান গৃহতে হৈব জাত॥
পৰ্শুৰাম নাম মোৰ হৈবেক প্ৰচাৰ।
শ্ৰেষ্ট অস্ত্ৰ হৈবে মোৰ পৰশু কুঠাৰ॥
দুৰ্জ্জন ক্ষত্ৰিয় সব বাঢ়িবে অপাৰ।
মহা পাপী সবে পৃথিবীৰ হৈবে ভাৰ॥
হাতত পৰশু ধৰি কৰিবো প্ৰয়াণ।
পেটৰ ছাৱক কাটি কৰিবো নিৰ্জ্জন॥
বিচাৰিয়া পৃথিবীক তিনি সাত বাৰ।
কৰিবো লীলায়ে ক্ষেত্ৰিয়ক বুন্দামাৰ॥
সপ্তদিপ পৃথিবীক নিক্ষত্ৰি কৰিবো।
সাত খান ভূমি ব্ৰাহ্মণক দান দিবো।
আপুনি থাকিব ঋষি ধৰ্ম্ম অনুসৰি।
এহি মতে আমাক দেখিবা নিস্ত কৰি॥
দ্বাপৰৰ আদি ত্ৰেতা যুগৰ অন্তত।
হৈ’ব অৱতাৰ মই সন্ধ্যা সময়ত॥
দশৰথ ৰজাৰ গ্ৰহত হৈব জাত।
শ্ৰীৰাম নাম মোৰ হৈবেক প্ৰখ্যাত॥
কশল্যা মায়ৰ প্ৰতি বঢ়াইবো বিস্তৰ।
কৰিবো বিবাহ সিতা ঝিউ জনকৰ॥
অযোধ্যাত ভোগ পাছে ভূঞ্জিবো অশেষ।
যাইবো বনবাস পালি পিতৃৰ আদেশ॥
লক্ষ্মণ জানকী সমে চলিবো বনত।
কৰিবোহু ভোগ পাছে বনফল যত॥
আসি সূৰ্পণখা কামে বৰিবে আমাক।
কাটিবে লক্ষ্মণে তাইৰ ধৰি কাণ নাক॥
চতুৰ্দশ হাজাৰ ৰাক্ষস সমন্নিতে।
খৰ দুষণক মই বধিবো তহিতে॥
মাৰিচৰ লৈবো প্ৰাণ মাৰি ঘোৰ শৰ।
আত অনন্তৰে কথা শুনা মুনিবৰ॥
নিবেক সীতাক হৰি দুৰ্জ্জন ৰাক্ষসে।
লক্ষ্মণ সহিতে পাঠে বিচাৰিবো বনে॥
মৰিবো জটায়ু পক্ষী সীতাক ৰাখন্তে।
পাব দৰিশন গৈয়া সীতা বিচাৰন্তে॥
কৰিবো সমস্তে তাৰ প্ৰেত কাৰ্য্য যত।
বিৰাষ কৱন্ধ দুইকো বধিবো ৰণত॥
সুগ্ৰীৱ সহিতে পাচে সখীয়ো কৰিবো।
এক শৰ মাৰি পাচে বালিক বধিবো॥
সুগ্ৰীৱক দিয়া ৰাজ্য সত্য সাম্ফলিবো।
সাগৰত সেতু বান্ধি লঙ্কাক চলিবো॥
দুৰ্জ্জন ৰাক্ষস মহা দেৱতাৰ বৈৰী।
যুদ্ধক আসিবো হাতে অস্ত্ৰ শস্ত্ৰ ধৰি॥
মাৰিবো ৰণত তাক কৰিয়া নিগুটি।
আসিব ৰাবণ পাচে কৰি আতি মতি॥
বাণৰক মাৰিবেক বৰ ক্ৰোধ কৰি।
হেন দেখি পাছে দিব্য ব্ৰহ্মা অস্ত্ৰ ধৰি॥
বধিবো ৰাৱণ ঘোৰ দেৱৰ কণ্টক।
সপুত্ৰ বান্ধৱে সবে দেখাইবো জমক॥
হৰি পৃথিবীৰ ভাৰ সাৰি দেৱ জাক।
বিভিষণ মিত্ৰক দিবহোঁ লঙ্কাৰাজ॥
কভু নিষ্ট কৰি শুনিয়োক মহামতি।
জাৱে থাকে চন্দ্ৰ সূৰ্য্য় বায়ু বসুমতি॥
জাৱে ৰাম কথা মোৰ প্ৰচাৰে সাক্ষাত।
বিভিষণে তাৱে ৰাজ্য কৰিব লঙ্কাত॥
থাপি বিভিষণ পাচে আনিবো সীতাক।
ভালুক বানৰ সমে যাবো অযোধ্যাক॥
পাইবে দুখ সমতৰ ভালুক বানৰে।
তাসাম্বাৰ প্ৰসাদ ৰঞ্জিব নিৰন্তৰে॥
লীলাৰূপে পৃথিবীৰ সঙ্কলিবো কাজ।
এহিৰূপে আমাক দেখিবা মুনিৰাজ॥
শুনা মুনিৰাজ আত অন্তৰে সাক্ষাত।
দেৱৰ নিমিত্তে পুনৰূপি হৈব জাত॥
দ্বাপৰ যুগৰ অন্তে কলিৰ আদ্যত।
বসুদেৱ গ্ৰহে দৈবকীৰ উদৰত॥
ভাদ্ৰ মাস কৃষ্ণ পক্ষ অষ্টমী তিথিত।
ৰুহুণী নক্ষত্ৰ আসি হৈবে উপস্থিত॥
অৰ্দ্ধ ৰাত্ৰি সুভগ্ৰহ সুপ্ত সময়ত।
হৈবে শান্ত সুৰণৰ মুনি যত যত॥
তিনিয়ো জগত শান্ত হৈবে সিবেলাত।
সুৰভি শীতল সমুঙ্গল বহে বাট॥
ব্ৰহ্মা আদি দেৱে কৰিবন্ত স্তুতি নতি।
হেন সুভ সময়ত হৈবোঁ উৎপতি॥
নিজৰূপে অৱতাৰ হৈব মুনিবৰ।
দেখি পিতৃ মাতৃ স্তুতি কৰিবো বিস্তৰ॥
তাসম্বাৰ প্ৰতি আতি সাধিবাক প্ৰতি।
হৈবো শিশু ৰূপে পাচে তৈতে মহাসতী॥
দেখি বসুদেৱ মোক কোলে কৰি লৈব।
কংশৰ ভয়ত নিয়া গোকুলত থৈব॥
বাসুদেৱ নাম মোৰ হৈবেক প্ৰচাৰ।
বঢ়াইবো আনন্দ অতি নন্দ যশোদাৰ॥
কি কহিবো মোৰ বল বিৰ্য্যৰ মহিমা।
অনন্ত অচ্যুত প্ৰভাৱৰ নাহি সীমা॥
তথাপিতো কিছো কহোঁ শুনা মহামুনি।
যেন যেন কৰ্ম্ম মই কৰিবো আপুনি॥
পৰম পবিত্ৰ কথা মোৰ জন্ম কৰ্ম্ম।
নাহি আত পৰে মনুষ্যৰ শ্ৰেষ্ট ধৰ্ম॥
হৈয়া এক শৰণ আমাত যিতো নৰে।
শ্ৰৱণ কীৰ্ত্তন আকঁ কৰে নিৰন্তৰে॥
তৰিবেক সুখে সংসাৰৰ যত দুঃখ।
গৃহতে বসিয়া পাব মহা মোক্ষ সুখ॥
মোহৰ পৰম প্ৰিয় নাহি তাত পৰে।
কি কহিবো মুনি সিতো মোকে বশ্য কৰে॥
হেন জানি মুনি তুমি পৰম কৌতুকে।
মোহোৰ জন্মৰ কথা শুনিয়ো উৎসুকে॥
নন্দ যশদাৰ ঘৰে থাকি বিদ্যমান।
লীলাৰূপে অনেক দৈত্যৰ লৈবে। প্ৰাণ॥
প্ৰথমে মাৰিবে মোক আসিবে পুতুন৷
কৰি স্তন পান তাই ৰহিবো চেতনা॥
ওভটাইবো শঙ্কটক শৰণ আঘাতে।
আকাশক নিবে মোক দৈত্য চক্ৰবাকে॥
মাৰিবো লীলায়ে তাক গলে চিপি ধৰি।
শীলাত পেলবো তাক চূণাকৃত কৰি॥
লয়নু খাইবাৰ পদে মোক ধৰি আনি।
বান্ধিবে যশদা মায়ে উৰুখল টানি॥
আছো মায়া পাসে বান্ধি জগত সকলে।
মোক বান্ধিবেক গোপী ভকতিৰ বলে॥
পৰম ঈশ্বৰ মই ভকতৰ বশ্য।
কহিলো তোমাক ইতো পৰম ৰহস্য॥
বান্ধে সমন্নিতে পাচে উৰল ঘসাই।
জয়ঞ্জা অৰ্জ্জুন দুই বৃক্ষত লগাই॥
উভঞ্জিবো দুই বৃক্ষ মহা লীলা কৰি।
কৰিবে ভকতি মোক দিব্য ৰূপ ধৰি॥
হৈয়া তুষ্ট দুইকো পাচে দিবো অনুমতি।
যাবে নিজ স্থানে দুয়ো কুবেৰ সন্ততি॥
এহিমতে কৰি লীলা গোকুল বাসীক।
আনন্দ বঢ়াই চিত্ত ৰঞ্জিবো অধিক॥
গোকুলৰ হন্তে পাচে গৈয়া বৃন্দাবনে।
কোৰিবোহোঁ ক্ৰিয়া লগে লৈয়া গোপীগণে॥
যমুনা পুলিন বনে বাচৰু চাৰিবো।
গাছ লৈয়া চাৰি বৎস অসুৰ মাৰিবো॥
বক নামে অসুৰে গিলিবে আসি মোক।
দেখি গোপ শিশু সবে পাবে মহা শোক॥
দেখি তাসম্বাৰ মহা প্ৰতিক সাধিব।
অগ্নিক ভোজনে তাৰ তালুত লাগিব॥
পায়া ছোট মোক পেলাইবেক বাঝ কৰি।
ছিৰিয়া মাৰিবো তাক হাতে অটে ধৰি॥
দেখি শিশু সবে পাছে আনন্দক পাব।
বকৰ বধৰ কথা ব্ৰজত কহিব॥
আসিবেক অঘাসুৰ ঘোৰ মায়া কৰি।
পথত থাকিবে চুপি সৰ্প ৰূপ ধৰি॥
গোৰক্ষ দামুৰি সমে পশিবো গৰ্ত্তত।
গলভেল্ট কৰিবো তাহৰ প্ৰাণ হত॥
মোৰ পৰশণে কৰ্ম্ম বন্ধে হৈয়া খিন।
অঘাসুৰ মোহোৰ চৰণে যাবে লীন॥
মোহৰ মহিমা ব্ৰহ্মা পৰীক্ষা কৰিব।
চুৰি কৰি গোৰক্ষ দামুৰী সবে নিব॥
হেন দেখি পাছে মই নিব যোগ বলে।
গোৰক্ষ দামৰী সব হৈবে অবিকলে॥
দেখিবন্ত মোৰ মহা মহিমা সকল।
মোহ নাম সাগৰত ব্ৰহ্মা যাব তল॥
আপুনাৰ নিজ ৰূপ কৰিয়া সংহাৰ।
কৰিবো ব্ৰহ্মাকে মোহ সাগৰে উদ্ধাৰ॥
কৰিবন্ত স্তুতি মোৰ বখানি মহিমা।
লৈয়া অনুমতি নিজ স্থানে যাবে ব্ৰহ্মা॥
আত অনন্তৰে সাধি দেৱতাৰ কাৰ্য্য।
সবান্ধৱে বধিবো ধেনুক দৈত্যৰাজ॥
ধৰি পাচ ভৰি হাতে তাল লৈয়া চাৰি।
ভূঞ্জাবো গোপক পকা তাল ফল পাৰি॥
কালিন্দ্ৰী হ্ৰদত বঞ্চিবেক কালী সৰ্প।
তাহাক দসিবো মই কৰি মহা দৰ্প॥
মাৰিবে গোৰক্ষ গৰু বিষ পাণী খাই।
কটাক্ষতে জীয়াবো অমৃত দৃষ্টি চাই॥
তাক দমিবাক কোপ কৰিয়া মনত।
চৰিবোহোঁ বস্ত্ৰ কাছি কদম্ব গাছত॥
ঝাম্প দিয়া যমুনাৰ হ্ৰদত পৰিবো।
আছাৰিয়া বাহু মহা আন্দুলে কৰিবো॥
খেদি আসি কালী মোক দেখি বিদ্যমানে
দংশীবেক সিতো মোক মৰ্ম্ম মৰ্ম্ম স্থানে॥
কৰিবেক বন্দি মোক লাঙ্গুলে মেৰাই।
থাকিবোঁ খানিক নৰ শ্ৰেষ্টাক দেখাই॥
গোকুলৰ লোকে শোক পাৱে মোক চাই
কান্দিবে যশদা গুণ বৰ্ণাই বৰ্ণাই॥
ভকতৰ দুখে হৃদি দহয় সাক্ষাত।
কৰিয় আস্ফট পাচে এৰাই তাৰ হাত॥
লাম্ফ দিয়া তাৰ শীৰে ছৰিয়া উৎসুকে।
সহস্ৰ শিৰত তাৰ নাছিবো কৌতুকে॥
মোৰ পয়ো ভৰে তাৰ ভাঙ্গিবেক শিৰ।
পাৰা পিৰা নাকে মুখে চান্দিবে ৰূধিৰ॥
স্বামী মৰে দেখি তাৰ পত্নিগণে আসি।
কৰিবেক স্তুতি মোৰ মহিমা প্ৰকাশি॥
তাসম্বাতে তুষ্টময় হৈয়া অতিশয়।
দিবো সিতো কালিমহা সৰ্পক নিৰ্ভয়॥
গুচাবো নিকালি তৈৰ প্ৰাণ ৰাখি তাৰ।
কৰিবো নিৰ্ব্বীষ পাচে জল যমুনাৰ॥
তীৰত উঠিব বেনাগ্নিক কৰি পান।
গোকুল বাসীৰ দুখ কৰিবো নিৰ্জ্যান॥
এহিমতে কৰি ক্ৰিয়া ফুৰিবো ব্ৰঞ্জত।
মাৰাইবো প্ৰলম্ব, বলো ভদ্ৰৰ হাতত॥
গোপ গৰুগণক বেৰিবে বন জুই।
আমাত শৰণ লৈবো অৰ্দ্ধ মূখ হুই॥
তাসাম্বাৰ সিতো মহা দুখ দুৰ কৰি।
কৰি পান বন জুইক আনিবো উদ্ধাৰি॥
মোক আসে ব্ৰত আচাৰিবে গোপী যত।
তাসম্বাৰ বস্ত্ৰ লৈয়া চৰিবো বৃক্ষত॥
কৰি পৰিহাস বস্ত্ৰ দিবো ৰঙ্গ মনে।
পূৰ্ণ মনোৰথ হৈয়া যাবে গোপীগণে॥
কৰিবেক যজ্ঞ সুদ্ধ কালে বিপ্ৰলোক।
কৰ্ম্মতেসে মগ্ন মন নজানিবে মোক॥
তাসম্বাৰ মহা কৰ্ম্ম গৰ্ব্ব কৰি চম্ন।
প্ৰসাদে ৰঞ্জিবো যত বিপ্ৰ পত্নীগণ॥
তাত পাচে গোকুলত কৰি মহাৰঙ্গ।
লীলায়ে কৰিবো মহিন্দ্ৰৰ মউ ভঙ্গ॥
আপুনি ভূঞ্জিব যোগ বঞ্চিয়া ইন্দ্ৰক।
দেখিয়া বাসৱে ক্ৰোধ কৰিয়া ব্ৰজক॥
আপুনি ঈশ্বৰ ময় বুলি হৈবে অন্ধ।
গোকুল মাৰিবে প্ৰতি কৰিবো প্ৰবন্ধ॥
লগে লৈয়া অমৃতক মহা মেঘগণ।
গোকুল ঢাকি কৰিবেক বৰিষণ॥
পায়া পীড়া গোপ গোপী গাই গৰুগণ।
ত্ৰাহি কৃষ্ণ বুলি লৈবো আমাত শৰণ॥
হেন দেখি বাসৱৰ গৰ্ব্ব চুৰ কৰি।
ৰাখিবো গোকুল হাতে গবৰ্দ্ধন ধৰি॥
সাত দিন এক হাতে ধৰি মন্দৰক।
গৰ্ব্ব নাম পৰ্ব্বতক নুমাইবো ইন্দ্ৰক॥
নুহুইবেক গোকুলক ঘোৰ বৃষ্টি বাট।
দেখিবেক মোৰ নিজ ৰূপক সাক্ষাত॥
কৰিবেক ইন্দ্ৰে বাট বৃষ্টি ভয়ঙ্কৰ।
লোম লাৰিবাক নপাৰিল গোকুলৰ॥
নিবৰ্ত্তীয়া যাবো পাচে হৈয়া মহা লাজ।
পূৰ্ব্বৱত মন্দৰ থাপিবো মুনিৰাজ॥
মিলিবে ঈশ্বৰ জ্ঞান ব্ৰজৰ প্ৰজাৰ।
মোৰ গুণ গণক বৰ্ণাইবে নিৰন্তৰ॥
নিবৰ্ত্তীলা যেবে বাট বৃষ্টি নিৰন্তৰ।
স্থাপিবোহোঁ এক হাতে গিৰিৰ শিখৰ॥
সেহি বেলা ইন্দ্ৰ আসি সুৰভি সহিত।
কৰিবন্ত স্তুতি মোক হৈয়া ভয় ভিত॥
তাহাক আশ্বাস পাচে কৰি মুনিবৰ।
কৰিবো সম্বাদ ইন্দ্ৰ সহিতে বিস্তৰ॥
ভয় হীন ইন্দ্ৰে সামে সুৰভি প্ৰত্যেক।
গৌৰ ইন্দ্ৰ পাতি মোক কৰি অভিষেক।
সেহি দিনা আমাৰ গোবিন্দ নাম থবা।
যাইবন্ত স্বৰ্গক মোক অনুমতি লবা॥
তাত পাচে নন্দে কৰি একাদশী ব্ৰত।
প্ৰভাতে দিবেক বুৰ যমুনা জলত॥
তাহাঙ্ক নিবেক ধৰি বৰুণৰ দুতে ধৰি।
লীলায় আনিবো মই নন্দক উদ্ধাৰি॥
অদ্ভুত মহিমা মোৰ দেখিয়া বিস্তাৰ।
হৈবেক ঈশ্বৰ জ্ঞান সবে গোকুলৰ॥
দেখিবে বৈকুণ্ঠ পুৰি নৰ নাৰীগণ।
আমাৰ সযিপ নচাৰিবো সৰ্ব্বক্ষণ॥
হেন দেখি তাসম্বাৰ লিঙ্গ দৃঢ় কৰি।
সবাকো দেখাবো নিয়া বৈকুণ্ঠ নগৰি॥
পৰম সুন্দৰ মোৰ দেখি কলেৱৰ।
কৰিবে ভকতি কামে গোপী নিৰন্তৰ॥
পুৰিবোহোঁ মনোৰথ গোপীকাৰ যত।
কৰিবোহোঁ ৰাস ক্ৰীয়া শৰত কালত॥
কাম নাম সাগৰত গোপীক তাৰিবোঁ।
অনন্তৰে শঙ্খচুৰ যক্ষক বধিবোঁ॥
নন্দক গিলিবে ঘোৰ অজাগৰে ধৰি।
আমাত শৰণ লৈবো আৰ্ত্তনাদ কৰি॥
দেখিয়া নন্দক কৰি সৰ্পৰ উদ্ধাৰ।
গোকুল বাসিৰ প্ৰীতি সাধিবো বিস্তাৰ
মোৰ বৃষৰূপে দৈত্য আসিবো অৰিষ্ট।
মোৰ ভকতৰ দুষ্ট চিন্তিবো অনিষ্ট॥
হেন দেখি ভকতৰ সাধি উপকাৰ।
তাৰ প্ৰাণ লৈবো পকাই মোচৰিয়া ঘাৰ॥
তাত পাচে কেশকি পাঞ্চিবে দৈত্য ৰায়।
হয় ৰূপ ধৰি গোকুলক যাইবে ধাই॥
তাহাৰ ভয়ত গৰু গোপ গোপীগণ।
ত্ৰাহি কৃষ্ণ বুলি লৈবে আমাত শৰণ॥
দেখি অসুৰৰ মহা গৰ্ব্ব কৰি চুৰ।
লীলায়ে মাৰিয়া তাক নিবো যমপুৰ॥
চুম্পি চুল ধৰি দুষ্ট দৈত্যক বধিবো।
ভয় হন্তে গোপ শিশুগণক তাৰিবো॥
এহি মতে ভকত জনৰ প্ৰীতি কৰি।
বঢ়াইবো আনন্দ লীলা নৰ তনু ধৰি॥
দেখিবা আনন্দ মোৰ তুমি মহামতি।
গোকুলৰ লীলা এহি মানে সমাপতি॥
পৰম সুহৃদ মোৰ তুমি মুনিবৰ।
শুনা পাচ কথা মুনি আত অনন্তৰ॥
কৃষ্ণৰ জন্মৰ কথা অমৃততোধিক।
শুনা এক চিত্ত মনে সবে সমাজিক॥
কৃষ্ণ জন্ম কৰ্ম্ম চাৰি স্বৰ্গ মাজে সাৰ।
শ্ৰবণ কীৰ্ত্তনে আৰ তৰয় সংসাৰ॥
পুত্ৰ ধন জন জায়া মায়াময় জানি।
হৈয়া এক শৰণ ভজিয়ো চক্ৰপাণি॥
দেৱতো উত্তম ইতো মনুষ্য শৰীৰ।
কেতিক্ষণে পৰে কায়া তাৰ নাই স্থিৰ॥
অনেক জন্মৰ পূণ্য মহাধৰ্ম্ম দিয়া।
মনুষ্য শৰীৰ নৌকা আচাহা কিনিয়া॥
দুখনামে সাগৰত তৰিবাক প্ৰতি।
যাৱে নতো ভোগ তাৱে-তৰিয়ো সম্প্ৰতি॥
একাদশ ইন্দ্ৰিনতো নহন্ত বিকল।
যাৱে নতো কৰে ব্যাধি শৰীৰ দুৰ্ব্বল॥
তাৱে কৃষ্ণ কথা কৰা শ্ৰবণ কীৰ্ত্তন।
মুকুতি পদক লাগি যাৰ আছে মন।
গৌণকৰ আগে সুতে কহিলা পূৰ্ব্বত।
কৰি সাৰোদ্ধাৰ সৰ্ব্ব শাস্ত্ৰৰ সন্মত॥
যি সব কথাত আছে কৃষ্ণ গুণ নাম।
তাকে মাত্ৰ সেৱা কৰিবেক অবিশ্ৰাম॥
এহিমানে পৰম কৰ্ত্তব্য মনুষ্যৰ।
হেন জানি কৃষ্ণক ভজিয়ো সবে নৰ॥
দুৰতে কৰিয়ো ত্যাগ আন যত কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥
ছবি।
গোবিন্দ বদতি কথা শুনিয়োক মুনিবৰ;
কংশ নামে আমাৰ মমাই।
মাৰিবাক মনে দুষ্টে আমাক নিবাক প্ৰতি;
অক্ৰুৰক দিবেক পঠাই॥
তান লগে মহাৰঙ্গে গোপগণ লৈয়া সঙ্গে;
ৰথে চৰি যাইবো মথুৰাক।
মোহৰ বিযোগ দেখি যতেক গোপিণী সখী
কান্দিবে কান্দিয়া দীৰ্ঘ ডাক॥
মুহুত্তৰে তাসম্বাক বুলিয়া আশ্বাস বাক
পয়ান কৰিবো কৌতুহলে।
সন্ধ্যা কৰিবোহোঁ বুলি যৈয়া মোক ৰথে তুলি
মজিবে অক্ৰৰ গৈয়া জলে॥
নিজ ৰূপে তাসম্বাক দিবো দেখা জল মাজে
দেখি মোক হৈবে সচকিত।
আম ঠেৰ এন্তে কৃষ্ণ আহানেশে নাম ৰূপ;
বুলি স্তুতি কৰিবে বহুত॥
পাচে সম্বৰিবো ৰূপ নেদেখিয়া হৈবে চুপ;
জল হন্তে উঠিবে অক্ৰুৰ।
যথা ছদ্ম কৰি ৰথ ধৰি মথুৰাৰ পথ
অনন্তৰে পাইবো মধুপুৰ॥
অক্ৰুৰক পঠাই ঘৰ নগৰ পশিবো গৈয়া;
লৈয়া সঙ্গে গোপ শিশু ঝাক।
মথুৰাৰ নাৰীগণে পৰম আনন্দ মনে;
ঝুমা ঝুমে চাহিবে আমাক॥
কৰিয়া সবকো দয়া কটাক্ষ নয়নে চায়;
তাসম্বাৰ মনোৰথ পুৰি।
ধৰি ৰূপ বিপৰীত ৰঞ্জিয়া সবাৰ চিত্ত
নগৰ চাহিবো পাচে ফুৰি॥
পদুলি পদুলি মোক দ্বিজগণে পায়া লাগ;
অচিবন্ত পৰম সাদৰে।
বৌৱা দিব্য বস্ত্ৰ লই কংশত জনাইবে গৈ;
তাক লাগ পাইবো অনন্তৰে॥
নপায়া কাপোৰ খুজি কোপে অহঙ্কাৰ বুজি;
চয়ৰে চিন্তিবো মুণ্ড তাৰ।
হৈয়া অতি মহাভয় তাৰ নগৰিয়া চয়;
পলাইবে বস্ত্ৰৰ পেলাই ভাৰ॥
ভাল ভাল বস্ত্ৰ বাচি লৈয়া গোপগণে কাছি;
ৰাজপন্টে ফুৰিবো আনন্দে।
পাচে মোক বেশকাৰ পায়া মোক নমস্কাৰ;
কৰি বস্ত্ৰ পিন্ধাইবো আনন্দে॥
তুষ্ট অতি হৈয়া তাক বুলিয়া মধুৰ বাক;
সাৰোপ্য মুকুতি দিবো ৰঙ্গে।
মালাকাৰ সুদামাৰ বাৰীক চলিয়া যাবো;
গোপ শিশুগণ লৈয়া সঙ্গে॥
দেখি মোক মালাকাৰ কৰিবেক নমস্কাৰ;
সুগন্ধ কুসুম চয় আনি।
কৰি হাত কৃতাঞ্জলি নম্ৰভাৱে সিতো মোক;
বুলিবে অনেক স্তুতি বাণি॥
হৈয়া তুষ্ট বহুত্তৰ দিয়া সুদামাক বৰ;
অনন্তৰে তৈৰ চলি যাইবো।
সুগন্ধ চন্দন লৈই কংশত জনাইবে গৈ
পথত কুজিক ভেণ্ট পাইবো॥
তাইৰ চাপিয়া পাশ খুজিবো চন্দন মাতি
বুলি অতি মধুৰ বচন।
মোৰ বাক্য ভূলি মন সুন্দৰি সাদৰি মোক
পিন্ধ্যাইবেক আপুনি চন্দন॥
তুষ্ট হুয়া তাৰ ফল দেখাইবোঁ আগতে মই
তাইৰ আতি প্ৰীতি সাধি মনে।
ভৰিত জান্তিয়া ভৰি হাত তহিবুক ধৰি;
কুজচয় কৰিবো তেখনে।
মোহৰ পৰস পায় দিব্য ৰূপ ধৰি তাই;
কামে মোক বুলিবে বচন।
হাসিয়া হাতত ধৰি তাহাঙ্ক আশ্বাস কৰি;
তৈৰ পৰা কৰিবো গমন।
কুসুম চন্দন গন্ধে হুয়া অতি জাতিস্কাৰ
ফুৰিবহোঁ নগৰ প্ৰজতি।
ধনু জাগ শাল পশি লগাই অতি যশ মসি;
ধনুক ভাঙ্গিবো কৰি ছটি॥
দেখিয়া ৰাখিয়া সেনা গণে কৰি ক্ৰোধ মন;
যাইবে হাতে অস্ত্ৰ শস্ত্ৰ ধৰি।
লৈয়া ভগ্ন ধনু খণ্ড কৰি মহা ৰণ্ড ভন্দ
সবাকো বধিবো লীলা কৰি॥
কংশে সেনা পাঞ্চে যত দিবো তাক কৰি হত;
তৈৰ পৰা বাধা হৈবো পাচে।
গোপ সমে দধি ভাত খায়া পাচে মথুৰাত;
থাকিবোহোঁ নগৰৰ কাছে॥
ভয় নিন্দ্ৰা পৰিহৰি কংশে পাচে যত্ন কৰি
ৰঙ্গশাল কৰিবো নিৰ্ম্মাণ।
মৰ্ল্লভ দুন্দুভি ধ্বনি ৰঞ্জিল প্ৰভাতে শুনি
গোপ সমে কৰিবো পয়ান॥
কুৱলয় পড়ি গজে ৰাজ দুৱাৰত বহি
হস্তি আৰ অমুস্তে সহিত।
থাকিবো আমাক চুম্পি প্ৰথমতে পাইবো লাগ;
বুজিবোহোঁ তাহাৰ ইঙ্গিত॥
ভূমিত পৰিয়া ধৰি কুম্ভ স্থলে দিয়া ভৰি;
দশন উভাৰি লৈবো তুলি।
হস্থি হস্থী আৰ সমে পৰম আনন্দে মনে;
মাৰি বোহোঁ কুবায় সমুলি॥
কুবলয় পড়ি মাৰি কান্ধত দশন পাৰি;
ধৰি মহা নওবৰ বেশ।
সমজ্য়াৰ ৰঞ্জি চিত্ত গোপগণ সমন্নিত;
হৈবো ৰঙ্গ শালত প্ৰবেশ॥
দেখি তনু বজ্ৰ সম মাল সবে হৈবো ভয়;
সামান্যে দেখিবো বড় বড়।
মূৰ্ত্তিমন্ত কাম যেন দেখিবেক নাৰীগণে;
মিলিবে হৃদয়ে কামজ্বৰ॥
গোৱাল সকলে দেখি আমাক বান্ধৱ বুলি
হাসিবেক মহাৰঙ্গ মনে।
আমাৰেসে সান্তা বুলি হৈবে মহা ভয় ভিত;
দেখি মোক দুষ্ট ৰাজাগণে॥
বসুদেৱ দৈবকীয়ো আমাৰ তনয় বুলি;
দেখি শোক ৰূপ হৈব চিত্ত।
ঝৰিবে নয়নে নীৰ শোকত নুহিবে স্থিৰ
কান্দিবেক পৰিয়া ভূমিত॥
মোৰ এহি মৃত্যু বুলি দেখিবেক কংশ ৰাই
শিশু মোক দেখিবে অজ্ঞানি।
আন আন সবে মোক অনেক প্ৰকাৰে দেখে
জ্ঞানী সবে হৈবে মহামানি॥
ভকত সকলে মোক সাক্ষাতে ঈশ্বৰ জানি;
মিলিবেক প্ৰেম অতি মনে।
ভকতিৰ প্ৰসাদত শিহৰিবে লোম যত;
ঝৰিবেক লোতক নয়নে॥
এহি দশ ৰূপে মোক দেখিবে সকলো লোক;
নখণ্ডিবে মনৰ তৃপিতি।
মোৰ গুণ গান যত বৰ্ন্নাবেক আনন্দত;
নৰ নাৰিগণে চতুৰ্ভিতি।
পাচে মল্ল যুদ্ধ কৰি পৰম আনন্দ পুৰি;
সাধিয়া লোকৰ উপকাৰ।
চামুৰ মুস্তিক মল্ল তোসল প্ৰমুক্ষ কৰি;
মাল্লৰ চিন্তিবো বুন্দামাৰ॥
মল্লৰ দেখিয়া বন্ধ ক্ৰোধে অতি হুয়া অন্ধ;
বল্কিবেক কংশ দুৰাচাৰ।
চুলি ধৰি ঘণ্টা মাৰি পৃথিবীত তল পাৰি;
অপ্ৰয়াসে প্ৰাণ লৈবো তাৰ॥
কেশত ধৰিয়া তাৰ দেখাইবো সমজ্য়াত;
কৌতুহলে ফুৰিবো ঘসাই।
দেখি কদৰ্থনা তাৰ কৰিবেক হাহাকাৰ;
সমজ্য়াৰ লোকে চাই চাই॥
ভূঞ্জন্তে ভ্ৰমন্তে সিতো সেৱন্তে পীয়ন্তে মোক;
আগতে দেখিবে সৰ্ব্বক্ষণে।
এতেক মোহোৰ ৰূপ ধৰি মহা ৰঙ্গ মনে
চলি যাইবো বৈকুণ্ঠ ভূবনে॥
পাচে গোপগণ সঙ্গে অঙ্গি ভঙ্গি কৰি ৰঙ্গে
নাচিবোহোঁ শৰণ চলাই।
আকাশত দেৱগণে পুষ্প বৰিষন্ত ঘনে;
ধাইবে মোৰ যশ গুণ গায়॥
ভাইৰ মাল মাৰু বুলি হাতে অস্ত্ৰ শস্ত্ৰ ধৰি;
কংশৰ কনিষ্ট আঠ ভাই।
ধাইবে মোক ক্ৰোধ কৰি হাতত মুসল ধৰি;
মাৰিবোহোঁ সবাকো কোৱাই॥
বসুদেৱ দৈবকীৰ বন্ধন চুৰিয়া পাচে;
প্ৰীতি অতি সাধি তাসম্বাৰ।
ভকতিৰ বশ্য হৈ শিৰেৰে চৰণ চুই;
পৰিবোহোঁ কৰি নমস্কাৰ॥
পাচে মোক দুয়ো প্ৰাণী পৰম ঈশ্বৰ জানি;
হৈয়া ভয় থাকিবে শংঙ্কাছি।
মোহিবো কৰিয়া মায়া পুত্ৰ বুলি হৈবো দয়া
লৈবো কোলে নিদ্ৰাজল মুছি॥
মই সুপ্ৰসন্ন যাৰ দুৰ্ল্লভ নাহিকে তাৰ;
মোহৰ ঈশ্বৰ মহাজ্ঞান।
মোত অনুক্ষণে পুত্ৰ বুদ্ধি স্নেহ বাঢ়ি যায়
হাসি মহা দুৰ্ল্লভ প্ৰধান॥
অনন্তৰে উগ্ৰসেন কংশৰ পিতৃক আনি
কৰিবোহোঁ ৰাজ্য অভিষেক।
শিৰে শ্ৰেত ছত্ৰতুলি ধৱল চামৰে ঢুলি
বুলিবোহোঁ আশ্বাস অনেক॥
কংশ ৰাইৰ নিগ্ৰহত আমাৰ ভকত যত;
পাইবে মহা অনেক নিকাৰ।
বচনে সাদৰ কৰি মহাযত্নে গ্ৰহ ভৰি;
সাধিবো লোকৰ উপকাৰ॥
জ্ঞাতিক ৰঞ্জিবো পাছে গোপগণ যৈত আছে;
তৈক লাগি কৰিবা গমন।
তাসম্বাৰ পুৰি মন দিবোহো অনেক ধন;
বুলি অতি মধুৰ বচন॥
শিৰে নমস্কাৰ কৰি নন্দক সাবটি ধৰি;
বাক্যে তান চিত্তক তুষিব।
কুসুম চন্দন গন্ধে বস্ত্ৰ অলঙ্কাৰ ৰঞ্জি;
নন্দ আদি গোৱালক দিবো॥
আদৰ কৰিয়া আতি প্ৰবোধিয়া বুলি মাতি
পালটীয়া পলাইবো গোকুল।
যশোদা প্ৰমুখ্যে যত গোপী মোৰ বিৰহত;
কান্দিবেক অনেক আকুলে॥
এহি মতে মুনিবৰ সাধি দেৱতাৰ কাজ;
খণ্ডি পৃথিবীৰ মহাভাৰ।
ভকতৰ ৰঞ্জি চিত্ত কৰি লীলা বিপৰীত;
বঢ়াইবো আনন্দ অপাৰ॥
মোৰ লীলা যত যত দেখিবা আনন্দত;
তুমি মুনিবৰ মহামতি।
পৰম অমৃত ময় মোহৰ চৰিত্ৰ চয়;
আতপৰে শুনিয়ো সম্প্ৰতি॥
কৃষ্ণৰ চৰণে মন দিয়া সমাজিক জন;
দেখ কেন মাধৱৰ লীলা।
মহা পাপী দুৰাচাৰ, ঘাটুক দুৰ্জ্জন কংশ;
তাকে আপুনাৰ ৰূপ দিলা॥
যিতোজনে ভক্তিভাৱে ভজয় কৃষ্ণৰ পাৱে;
তাহাৰ মহিমা কৈবো কিক।
হেনয় কৃষ্ণক ত্যাজি চিত্ত নিদুখত মজি;
সিজনৰ জন্ম ধিক্ ধিক॥
কৰি আন আশা ভঙ্গ লয়ো ভকতৰ সঙ্গ;
কৃষ্ণৰ চৰণে দিয়া মন।
জানি ধৰ্ম্ম অনুপাম মাধৱৰ গুণ নাম
কৰা নিতে শ্ৰৱণ কীৰ্ত্তন॥
কলিযুগে মনুষ্যৰ নাহি ধৰ্ম্ম মনুষ্যৰ
বিচাৰি শাস্ত্ৰৰ লোৱা মৰ্জা।
কৃষ্ণত নকৰি মতি কলিত নপাইবা গতি;
জানি মাধৱৰ পাৱে ভজা॥
তৰিবা সংসাৰ দুখ লভিবা পৰম সুখ;
মুখে লোৱা মাধৱৰ নাম।
পৰম মুৰুখ মতি কহয় মাধৱ দাস
নিৰন্তৰে বোলা ৰাম ৰাম॥
পদ।
গোবিন্দ বদতি শুনিয়োক মুনিৰাজ।
কংশক বধিয়া সাধি দেৱতাৰ কাৰ্য্য॥
পৃথিবীৰ মহা ভাৰ হৰি অবিকলে।
পিতৃৰ মাতৃৰ প্ৰীতি সাধিবো সকলে॥
যাদৱগণক দুখ সাগৰত তাৰি।
যজ্ঞ সুত্ৰ লৈ পাঁচে হৈবো ব্ৰহ্মচাৰী॥
ব্ৰহ্মচৰ্য্য ধৰি নৰ শ্ৰেষ্টাক দেখাবো।
গুৰুৰ গৃহত শাস্ত্ৰ পঢ়িবাক যাইবো॥
অয়ন্তি দেশত বিপ্ৰ শাস্তি পাণি নাম।
তাকে গুৰু মানি গৈয়া কৰিবো প্ৰমাণ॥
কৰিয়া প্ৰবন্ধ শাস্ত্ৰ পঢ়িবো নিঃশেষ।
জানিবো চৌষট্টি কলা চৌষষ্টি দিবসে॥
মৰা পুত্ৰ গুৰুক দক্ষিণা দান দিবো।
গুৰুত অনুজ্ঞা লৈয়া গৃহক চলিবো॥
স্বৰ্গৰ অধিক স্থান মথুৰা পুৰিত।
বঞ্চিবো আনন্দে সমস্তৰে ৰঞ্জি চিত্ত॥
শুনিয়োক আত পৰে মুনি মহাশয়।
মোহোৰ বিযুগে যত গোপ গোপী চয়॥
শোক নামে সাগৰত মজিবো সমুলি।
কান্দিবেক অনুৰাগে হা কৃষ্ণ বুলি॥
ধ্বজ ব্ৰজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কত।
মোৰ খোজ চয় গৈয়া দেখি পৃথিবীত॥
সুমৰি পৰম মোৰ ৰহস্য আলাপ।
গৃহ পুত্ৰ সম এৰি কৰিব বিলাপ॥
সিতো গোপী সব মোৰ ভক্ত বিপৰীত।
তনু মাত্ৰ গৃহত মোতেসে হৈবো চিত্ত॥
প্ৰেম ভকতিত মোক কৰিবে অধীন।
নপাৰিবা গোপীকাৰ সুজিবাক ঋণ॥
যদ্যপি ঈশ্বৰ মই, কোটি ব্ৰহ্মাণ্ডৰ।
তথাপি অধীন যেন ভকত জনৰ॥
ভকতত পৰে মোৰ বস্তু নাহি আন।
কহিলো স্বৰূপ মুনি তুমি মোৰ প্ৰাণ॥
বৃষ্টিৰ বংশত উপগুষৰ তনয়।
হৈবন্ত উদ্ধৱ মোৰ ভক্ত অতিশয়॥
গোকুলক লাগি পাচে তাহাঙ্ক পঠাবো।
বচন সন্দেহে ব্ৰজ বাসীক যুৰাইবো॥
কুবুজিৰো মনোৰথ পুৰি অনন্তৰে।
অক্ৰুৰৰ গৃহক চলিবো তাত পৰে॥
পায়া মোক অৰ্ছিবেক অক্ৰুৰ মহামতি।
কৰিবেক স্তুতি মোক অনেক ভকতি॥
অনেক আশ্বাস মই বলি অক্ৰুৰক।
পৰম আনন্দে পাচে চলিবো গৃহক॥
মথুৰা বাসিৰ চিত্ত ৰঞ্জি অনুক্ষণে।
বঞ্চিবোহো পিতৃৰ গৃহত ৰঙ্গ মনে॥
আত অনন্তৰে কথা শুনা মুনিবৰ।
জৰাসন্ধ নামে ৰাজা অসুৰ বংশৰ॥
জীয়েকৰ মুখত জোয়াইৰ বদ্ধ শুনি।
সঙ্গে সাজি লৈয়া সেনা ত্ৰিশ অক্ষহিণী॥
মথুৰা বেৰিবে গৈয়া অতি আৰম্ভৰে।
তাৰ সেনাগণ মানে মাৰিবো সমৰে॥
দুনাই ত্ৰিশ অক্ষহিণী সাজি নিবে ধাৰ।
তাকো ৰণে মাৰিয়া কৰিবো বুন্দামাৰ॥
এহিমতে মাগধ শপত দশ বাৰ।
আসিবেক সাৰি তাক কৰিবো সংহাৰ॥
দুনাই ত্ৰিশ অক্ষহিণী সাজিয়া যতনে।
সেহি সময়ত সাজি আসিব যৱনে॥
দেখি মনুষ্যৰ শ্ৰেষ্ঠা দেখাই মুনিৰাজ।
নিৰ্ম্মিবো দ্বাৰাকা পুৰি পয়ো নিধিমাঝ॥
মথুৰা পুৰিক পাচে অতি যোগবলে।
দ্বাৰাকা পুৰিক লাগি নিবো অবিকলে॥
দুনাই মথুৰাক আসি নিজ ৰূপ ধৰি।
যৱনক খেদাই চলি যাব লীলা কৰি॥
দেখি কাল যৱনে পাচক পাচে খেদি।
যাব তাক নিদিবো বিদুৰক লগ নেদি॥
অলক্ষিত ৰূপে গৈয়া গিৰী গৰ্ত্তৰত।
মৰাইবো যৱন মুচকুণ্ডৰ হাতত॥
পাচে মোক ৰাজা নিজ ৰূপে ভেণ্ট পাই।
কৰিবেক অনেক স্তুতি মুচকুণ্ড ৰায়॥
তাহাঙ্ক আশ্বাসী গৰ্ত্তৰ বাঝ হৈব।
কাল যৱনৰ সবে সেনাক বধিব॥
জৰাসন্ধ ভয়ে দেখাই লীলা মনুষ্যৰ।
পলাই চলিবো গৈয়া গিৰীৰ শিখৰ॥
হেন দেখি পাচে মোক মাৰিবে প্ৰবন্ধে।
পৰ্ব্বত বেৰিয়া জুই দিবে জৰাসন্ধে॥
এঘৰা যোজন চৰা গিৰীৰ শিখৰ।
তাৰ পৰা দেৱে পাইব দ্বাৰাকা নগৰ॥
আত অনন্তৰে কথা শুনা মুনি বৰ।
বঢ়াইবো আনন্দ অতি যাদৱ বংশৰ॥
দ্বাৰাকাত সভা দেৱতো অধিক।
গৃহতে মিলাইবো আনি বাগৰৰ স্ত্ৰীক॥
আত অনন্তৰে হৰি আনি ভাল্লুকৰ ঝীক।
কৰিবো উৎসবে বিহা দেবী ৰুক্মীণিক॥
পাইবো কন্যা জাম্ব অন্তি মনিৰ নিমিত্তে।
সত্যভমা নামে কন্যা দিবে সত্ৰাজিতে॥
ভদ্ৰা সত্যা কালিন্দ্ৰী লক্ষ্মণা লগ্ন জিতি।
কৰিবো বিবাহ আনি পৰম তৃপ্ৰীতি॥
ৰুক্মীণিক বলিবোহো পৰিহাস বাক।
হৈবন্ত মুৰ্ছিত দেবী নুবুঝিয়া তাক॥
তাঙ্ক আম্বাসিয়া চৰ্তুভজ ৰূপ ধৰি।
উলতিয়া স্তুতি মোক কৰিবে সুন্দৰি॥
দেৱৰ নিমিত্তে গৰুৰত চৰি ৰঙ্গ।
সত্যভমা নামে মহিষীক লৈয়া সঙ্গে॥
একেশ্বৰে প্ৰাজ্ঞ জৌতিষক যাইবো চলি।
সমৰত বধিবে অসুৰ মহা বলি॥
পৃথিবীৰ সুতনৰকক কৰি হত।
পাইবো কন্য়া ষোৰষ সহস্ৰ একশত॥
সবাহাঙ্কে পঠাই দিবো দ্বাৰাকা পুৰিক।
অমৃত কুণ্ডল নিয়া দিবো অদ্বিতীক॥
সত্যভমা দেবীৰ নিমিত্তে পাৰিজাত।
বাসৱত খুজি মই নাপাইবো সাক্ষাত॥
আনিবো উদ্ধাৰি সঙ্গে আপুনাৰ বলে।
কৰিবে সমৰ মোক দেৱ অখণ্ডলে॥
জিনিবে সমৰে বাসৱক সমৰত।
ৰূইবো পাৰিজাত সত্যভমাৰ দ্বাৰত॥
কৰি ভিন্ন ভিন্ন ময় কন্যাক সকলে।
একে দিনে বিবাহ কৰিবো যোগবলে॥
অস্তাধিক একশত ষোৰষ হাজাৰ।
গৃহত কৰিবো পাচে অনেক ব্যৱহাৰ॥
দিবন্ত আপুনি হৰে সুধৰ্ম্মা সভাক।
দেখি ত্ৰিজগতে নমস্কাৰ কৰে যাক॥
মোহৰ প্ৰসাদে তাক পায়া যদুগণে।
ভৰি দিয়া ছটকি ফুৰিবে ৰঙ্গ মনে॥
দশদি গোপালৰ সম্পত্তি সবে আনি।
যাদৱক দিবো শুনা মহা মানি॥
হৈবেক উৎপত্তি মোৰ একৈক ভাৰ্য্য়াত।
এক কন্যা দ্বাদশ তনয় হৈবে জাত॥
তাসম্বৰ পুত্ৰ নাতি হৈবে অপ্ৰৰ্য্য়ন্ত।
তাৰ শঙ্কা কহি মুনি কোনে পাবে অন্ত।
ৰুক্মীণিত হৈবন্ত প্ৰদুম্ন উৎপতি।
তাৰ পুত্ৰ হৈবো অনিৰুদ্ধ মহামতি॥
মোৰ পুত্ৰ হৈবো যত শুনা লেখা তাৰ।
এক লক্ষ আশি আৰু এষষ্টি হাজাৰ॥
মোহৰ গৃহস্থ ধৰ্ম্ম দেখিবা সম্প্ৰতি।
দ্বাৰকাক লাগি তুমি যাইবা মহামতি॥
মোৰ মহা বিষয়ক দেখি বিপৰীত।
তুমি মহা মুনিৰ মোহিত হৈবো চিত্ত॥
মোহৰ কৃপাত মোহ গুচিবে তোমাৰ।
মোৰ গুণ যশ যত কৰিবা প্ৰচাৰ॥
গৃহস্থৰ ধৰ্ম্ম যত কৰিবে বেকত।
সমন্তে দেখিবা মুনি থাকিয়া তথাত॥
অনিৰুদ্ধ কুমাৰৰ বিবাহ কালত।
মাৰাইবো ৰুকু বলোভদ্ৰৰ হাতত॥
উষা নামে কন্যা বান ৰজাৰ ঝিয়াৰী।
অনিৰুদ্ধ কুমাৰক নিবে চোৰ কৰি॥
উষাৰ গৃহত পায়া বানে তাক ধৰি।
একেশ্বৰে কুমাৰক থৈবে বন্দি কৰি॥
তোমাৰ মুখত পাচে তান বাৰ্ত্তা শুনি।
সমদলে যুজিবাক বাইবো আপুনি॥
তাঙ্ক ৰাখিবাক লাগি হৰে যুজিবন্ত।
মোৰ বিষস্তন শৰে মোহিত হৈবন্ত॥
হাজাৰেক বানে হাতে মোক যুজিবেক।
বানে সমে যুদ্ধ মই কৰিবো অনেক॥
তাৰ ভুজ ছেদ ৰঙ্গে কৰিবো সমৰে।
হেন দেখি স্তুতি মোক কৰিবো শঙ্কৰে॥
তান স্তুতি শুনি তুষ্ট হৈয়া অতিশয়।
চাৰি হাত ৰাখি দিছো বানক নিৰ্ভয়॥
দিবে কন্যা সমে কুমাৰক বাঝ কৰি।
বৰ কন্যা লৈয়া যাবে আপুন নগৰি॥
সৌৰষ হাজাৰ দিব্য গৃহত অপাৰ।
মনুষ্যৰ দেখাই লীলা কৰি ব্যৱহাৰ॥
ক্ষণেকে পাইলে মোক মহিশী সকলে।
বৰ্ণ্ণাইবেক মোৰ গুণ চিত্ত উৎত্ৰায়লে॥
হৰি দ্বেষী মহাপাপী ৰাজা জৰাসন্ধ।
ভীমৰ হাতত তাৰ নিপাতিবো স্কন্ধ॥
ভক্ত ৰাজাগণ বন্দি কৰি থৈবো মন্দ।
তাসম্বাক ৰাখিবৰ কৰিয়া প্ৰবন্ধ॥
সমস্তে ৰাজাৰ পাচে চাৰিয়া বন্ধন।
নিজৰূপে তাসম্বাক দিবো দৰিশণ॥
দেখি তাসম্বাৰ সবে তাপ হৈবো দুৰ।
বৰ্ণ্ণাইবে আনন্দে মোৰ মহিমা প্ৰচুৰ॥
সবাহাঙ্কে দিয়া বস্ত্ৰ ভূষণ অশেষ।
চিত্তক সন্তোষী পাচে পঠাইবো দেশ॥
যুধিষ্ঠিৰ ৰাজা মোক পাই তুষ্ট হৈ।
পৰন আনন্দে কৰিবন্ত ৰাজসুয়॥
ত্ৰৈলোক্যৰ সম্পত্তি মিলাইবে তান ঘৰে।
অৰ্চ্ছিবস্তু ৰাজা পৰম সাদৰে॥
মোক নিন্দা কৰিবেক শিশুপাল বীৰ।
চক্ৰ হানী লীলায়ে ছেদিবো তান শিৰ॥
তাৰ তেজ পূঞ্জ আসি মোতে লীন যাবে।
দেখি সমজ্যাৰ লোকে বিষ্ময়ক পাবে॥
দেখিয়া অদ্ভুত শ্ৰেষ্টা যুধিষ্ঠিৰ বায়।
তোমাত পুছিবে পাচে পৰম উপায়॥
পৰম আনন্দে মোৰ ভক্তিৰ মহত্ব।
সমস্তে কহিবা তুমি তাহান আগত॥
শুনি নৃপতিৰ শঙ্কা গুচিবে মনৰ।
কৰিবন্ত ৰাজা মোত ভকতি বিস্তৰ॥
আত পাচে কথা আবে শুনা মুনিবৰ।
শাল নামে ৰাজা মহা বৈৰী যাদৱৰ॥
আকাশে চলিবে শুভ নগৰৰ তাৰ।
যাদৱ বংশক কৰিবেক অপকাৰ॥
তাক মাৰি সোভাক ভাঙ্গিবো ক্ষেপি চক্ৰ।
মাৰিবো ৰণত বিদুৰথ দন্ত বক্ৰ॥
চক্ৰ ধৰি খেদি যাবো বাৰাণসি তীৰ।
কাশি ৰাজা পুণ্ডৰ্কৰো ছেদিবোহো শিৰ॥
সুদক্ষিণ নামে কাশী ৰাজাৰ তনয়।
ভাক মাৰি কাশীক বধিবো মহাশয়॥
যাব কুৰুক্ষেত্ৰে চলি সূৰ্য্য গ্ৰহণত।
কৰাবোহে যজ্ঞ বসুদেৱৰ হাতত॥
নন্দ যশদাক শান্ত কৰাবো তহিত।
প্ৰিয় বাক্যে তুষিবোহো গোপীকাৰ চিত্ত॥
তাসম্বাৰো দুখ যত গুচাবো নিশেষ।
প্ৰেম ভকতিৰ পন্থ দিবো উপদেশ॥
অত্যন্ত দৰিদ্ৰ বিপ্ৰ নামে দামোদৰ।
ভাৰ্য্যাৰ বচনে যাব দ্বাৰকা নগৰ॥
কৰিবো সাদৰে তাঙ্ক হৈয়া মনস্তুতি।
খাবো তান লৈয়া চাউল চিৰা এক মুঠি॥
কৰো ভকতৰ অল্প বস্তুকো বিস্তাৰ।
পৰম ভকত মোৰ সিতো দ্বিজবৰ॥
তাঙ্ক আলঙ্গিয়া মহা আনন্দ পাইবো।
ইন্দ্ৰৰ সম্পত্তি তান গৃহতে মিলাবো॥
দৈবকী প্ৰাৰ্থীবে মোত অনেক বিনয়।
আনি দিবো তাহান মৃতক পুত্ৰ চয়॥
কৰিবো সাম্ফল অৰ্জ্জুনৰ অঙ্গিকাৰ।
দিবো আনি মৰা যত বিপ্ৰৰ কুমাৰ॥
ভক্ত বন্ধু সমে যাবো মিথিলা নগৰী।
পৰম ভকত শ্ৰুত জনৰ্দ্দেৱ কৰি॥
হৈয় তুষ্ট দুই হানো পুৰিবো মনোৰথ।
দিবো উপদেশ প্ৰেম ভকতিৰ পথ॥
যদু বীৰগণ সমে কৰিয়া বিহাৰ।
নৃপ নামে নৃপতিক কৰিবো উদ্ধাৰ॥
লগায়া বিবাদ ঘোৰ কুৰু পাণ্ডৱৰ।
ৰথৰ সাৰথি পাচে হবো অৰ্জ্জুনৰ॥
পাণ্ডৱ সহিতে কৌৰবৰ লৈবো প্ৰাণ।
অষ্টাদশ অক্ষহিণী কৰিবো নিৰ্জ্জান॥
মোৰ বিশ্ব ৰূপ দেখি লাগিবেক ধ্যান।
মুখ পঙ্কজক নেত্ৰে কৰিবেক পান॥
সেহি বেলা কাটিবেক অৰ্জ্জুনৰ শৰে।
মোহৰ সমান ৰূপ পাবে নিৰন্তৰে॥
অনেক জম্মৰ পাপ পূণ্য কৰি ক্ষয়।
মহা সুখে যাবে সিতো বৈকুণ্ঠ নিলয়॥
কৌৰৱক মাৰি পাণ্ডৱক দিবো ৰাজ্য।
পৃথিবীৰ ভাৰ খণ্ডি সঙ্কলিবো কাৰ্য্য॥
এহিমতে কৰি লীলা যত মনুষ্যৰ।
থাকিবোহো দ্বাৰাকাত অনেক বচৰ॥
নিজ গুণ যশ থৈবো পৃথিবীক ভৰি।
আকে শুনি যাবে লোক সংসাৰক তৰি॥
কৰিয়া বিস্তৰ কীৰ্ত্তি মহা তীৰ্থ ময়।
গঙ্গাকো কৰিলা তুচ্ছ জানা মহাভয়॥
হৈয়া এক শৰণ আমাত যিতো জন।
কলিৰ যুগত কৰে শ্ৰৱণ কীৰ্ত্তন॥
এতেকতে মহা পাপী চণ্ডাল পৰ্য্যন্তে।
বৈকুণ্ঠত উঠে গৈয়া সংসাৰৰ হন্তে॥
অত অনন্তৰে কথা ঋষি সৰ্ব্বজান।
নিজৰূপে বৈকুণ্ঠক কৰিবো পয়ান॥
এহিৰূপে আমাক দেখিবা বিদ্যমান।
বিপ্ৰসাপ চলে কৰিব বংশক নিৰ্জ্জান॥
কৃষ্ণ জন্ম কৰ্ম্ম চাৰি যুগ মাজে সাৰ।
দুৰ্ল্লভ লভিছা জন্ম ভাৰস্ত ভিতৰ॥
ভকত জনৰ সঙ্গ লয়ো যত্ন কৰি।
কৃষ্ণ কথা অমৃতক পিয়ো কৰ্ণ ভৰি॥
এতেকে তৰিবা সুখে সংসাৰৰ হন্তে৷
কলিযুগে ধৰ্ম্ম আৰ নাহিকে মৰন্তে॥
তপ জপ যজ্ঞ দান তীৰ্থ ব্ৰত যত।
সবে অপ্ৰয়াসে সিজে নামৰ লগত॥
কৃষ্ণ কৃষ্ণ উচ্ছৰিয়া যাই যিতো নৰে।
তাৰ পাচে যান্ত চলি চক্ৰ ধৰি কৰে॥
নচাৰন্ত হৰি ভকতৰ স্নেহে কাছে।
যেন ধেনু স্নেহত বৎস নেৰে পাছে॥
হেনয় বিষ্ণুৰ নাম কিয়ো এড়া মুখে।
যাক স্মৰি চণ্ডাল সংসাৰ তৰে সুখে॥
জানিয়া সমস্ত লোকে ত্যাজি আন কাম।
পাপৰ ভণ্ডাৰ পলাই বোলা ৰাম ৰাম॥
দুলৰি
গোবিন্দ বদতি শুনা মহামতি;
গত পৰে কথা যত।
দ্বাপৰ গুছিয়া হৈবে আসি যোৰ;
কলি যুগ উপগত॥
হেন দেখি সুদ্ধ দলিৰ তনয়;
হৈবো বোধ অৱতাৰ।
বোধ শাস্ত্ৰ কৰি পাসণ্ড আচাৰে;
মোহিবো মন সবাৰ॥
হৈয়া বিমহিত ফুৰিবে কলিত;
পাপ কৰি দিনে ৰাতি।
অন্তৰ্গত হিন ভিতৰত ছিন;
ধৰ্ম্ম ধৰিবেক অতি॥
হাতে গলে শিৰে তুলষি ৰুদ্ৰাক্ষ;
মালা পিন্ধে গোটা জোট।
মুণ্ডে মুণ্ডি পিন্ধি কফিন কাপোৰ;
দিয়া চৰাচৰ ফোট॥
হাতত তামৰ কৰ কমণ্ডলু;
কান্ধত খনতাপাৰি।
কৰে কাষে ঝুলি যায ভষ্ম ধুলি;
কাৰো ভবস্কাৰ দাৰি॥
পৰমহংশৰ বেশ ধৰি কতো;
কত বোলাই ব্ৰহ্মচাৰি।
হাসু মহা যোগী বুলি কতো নৰে;
কতো লগে লৈয়া নাৰী॥
ধৰ্ম্ম ধোজি কৰি এহি মতে নৰে;
ফুৰিবেক নানা দেশ।
এতে ব্ৰহ্ম বুলি কতো পশু নৰে;
তাৰে লৈবো উপদেশ॥
হৰি নাম ধৈৰ্য্য আগ কৰি কতো;
কৰিবো বেদ লুপুত।
বোলাই গৰু পুত্ৰ দিবে। মন্ত্ৰ সুত্ৰ
কৰিয়া অতি গুপুত॥
পৰি বেদ ধ্বনি অনেক চাতুৰি
বুলিয় মধুৰ বাক।
কৰি গুৰু মান পূৰ্ণসত্য দান;
দিবেক নিজ ভাৰ্য্যাক॥
জাতি ও অজাতি একত্ৰে ভূঞ্জিবে;
হৈবে জাতি কুল ভ্ৰষ্ট।
এহি মতে লোক ফুৰিবে কলিত;
বেদ পাঠ কৰি নষ্ট॥
ডম্বৰু বজায় তপস্বী বোলাই;
ফুৰিবে কতো অজ্ঞান।
মই যেবে বোধ ভৈলো আসি সুদ্ৰে;
সুদ্ৰাক দিবেক দান॥
কলি যুগে পাপ সাগৰ তলত :
যাব লোক নিৰন্তৰ।
ইহ লোকে পৰ লোকে যত কৰ্ম্ম;
গুচিবে যত লোকৰ॥
পাষণ্ড জনৰ পাচ লাগি কতো;
ফুৰাবে যত জগত।
কলো নিষ্ঠ কথা ন্যায় অন্যায়থা
পৰিবেক নৰকত॥
সত্য সত ধৰ্ম্ম দয়া হৈবে দুৰ;
কলি যুগে মনুষ্যৰ।
গুচিবে আচাৰ শাস্ত্ৰৰ বিচাৰ;
লৈবে পণ্ঠ পাষণ্ডৰ॥
কলিৰ যুগত হৈবে অল্প আয়ু;
যতেক লোক সকল!
অল্প শস্য মতী হৈবে বসুমতী;
মেঘে হৈবে অল্প জল॥
সকলে ধেনুত অল্প দুগ্ধ হৈবে;
দুগ্ধত নহৈবে ঘৃত।
হৈয়া মহামানি পৰম অজ্ঞানি;
বোলাইবে মহা পণ্ডিত॥
ব্ৰাহ্মাণ সকলে বেদ পাঠ এৰি;
কৰিবে যত অকৰ্ম্ম।
পুৰণ পঢ়ম এড়ি নিজ ধৰ্ম্ম;
আচৰিব পৰধৰ্ম্ম॥
সন্ধ্যা বন্দনাক বলী বিশ্বদেৱ;
অগ্নি ত্ৰোত্ৰ পৰিহৰি।
শিশু উদৰক তৰ্পিবাক প্ৰতি;
ফুৰিবন্ত যত্ন কৰি॥
উত্তম যে জাতি ব্ৰাহ্মণ সকলে;
অজাতিৰ লৈবে দান।
ব্ৰাহ্মণৰ চিন য়জ্ঞু, সুত্ৰ মাত্ৰ;
নথাকিবো ধৰ্ম্ম আন॥
তপ ধৰ্ম্ম মানে সবে গুচিবেক;
অধৰ্ম্মে যুৰিবে ৰাজ।
কতো মল মতি মহন্ত সকলে;
কৰিবে যত অকাৰ্য্য॥
শাস্ত্ৰৰ বিহিত এৰি কহিবেক;
যাৰ যেন মনে ইচ্ছা।
পাত্ৰ যে সকলে যুদ্ধিবে কেৱলে;
সাক্ষি মতিবেক মিছা॥
পিতৃৰ বচন পুত্ৰে এড়িবেক;
কনিষ্ঠে যেন জ্যেষ্ঠৰ।
স্বামীৰ বচন ভাৰ্য্যা নুশুনিব;
ভূত জনে ঈশ্বৰৰ॥
সন্ত মানে মহা দৰিদ্ৰ হৈবন্ত;
দুষ্ট জন ধনৱন্ত।
মহন্তক চোৰ টেণ্টুনে বুলিবে।
দুৰ্জ্জনে বলাইবে সন্ত॥
অধৰ্ম্মে ধৰ্ম্মক জিনিবে সত্যক;
জিনিবে মহা বচনে।
পুৰুষক তিৰী জিনিবে ৰাজাক;
জিনিবেক ভৃত্যগণে॥
কনিষ্ঠে জ্যেষ্ঠক জিনিবে পিতৃক;
পুত্ৰে জিনিবেক দণ্ডে।
বলিক নিৰ্ব্বলী জিনিবে কলিত;
ভালক জিনিবে মন্দে॥
মুৰ্খে পণ্ডিতক জিনিবে গুৰুক;
জিনিবেক শিষ্যগণে।
ন্যায়ক অন্যায় জিনিবে নিন্দিবে;
সাধুক পাষণ্ড জনে॥
গুৰু পূজা নষ্ট হৈবেক শিষ্যৰ;
বাঢ়িবে গৰ্ব্ব অপাৰ।
কন্যাগণে দশ দ্বাদশ বৰিৰে;
গৰ্ভৰ বহিবে ভাষ॥
সপ্তম অষ্টম বৰিষে নাৰিৰ;
হৈবেক পুষ্প উৎসব।
কলিযুগে কন্যা গণে কৰিবেক;
সঘনে পুত্ৰ প্ৰসৱ॥
ভাৰ্য্যাৰ স্বামীৰ হৈবেক সদায়;
শত্ৰুতো অধিক মতি।
পুননাৰ নিজ স্বামী এৰি নাৰী;
ভজিবেক আন পতি॥
সৌৰষ বৎসৰ নাৰী সমস্তৰ;
পষিবে গুণ যৌবন।
পাষণ্ড সকলে কৰিবে প্ৰকাশ;
বেদ পন্থ হৈবে চন॥
কলিৰ মনুষ্যে অধৰ্ম্মত পৰে।
নজানিবে যজ্ঞ আৰ।
উপদেৱতাক পুজিয়া ছলিবে;
পুৰুষ হৈবে উদ্ধাৰ॥
হাসিনি ছাগিনী কাটি দিয়া বলি;
পৃজিবেক বাট আলি।
উৰুলি জোকাৰ দিয়া বাৰে বাৰ;
বাটত বঢ়াইবে বলি॥
আপনিয়ো একো ধৰ্ম্ম নাচাহিবে;
পৰক নিন্দিবেৰন্ত।
মোহৰ একান্ত ভকত জনক;
বুলিবে ভৈল পাষণ্ড॥
ব্ৰাহ্মণ ক্ষেত্ৰিয় বৈশ্য সুদ্ৰ চাৰি;
জাতি হৈবে একাকাৰ।
কলিযুগে বৰ্ন্না বৰ্ন্নন জানিবে;
গুচিবে লোক আচাৰ॥
সদায়ে কলিৰ লোকৰ হৃদয়;
মলিন হৈবে অপাৰ।
পাতকি জনৰ ধৰ্ম্মত কৰ্ম্মত;
নহৈবেক অধিকাৰ॥
ৰাম হেন ইটো দুগুটি অক্ষৰ;
সদায়ে সাদৰে গাৱে।
দুৰ্ঘোৰ সংসাৰে সাগৰ তৰিয়া;
বৈকুণ্ঠক সুখে পাৱে॥
অনেক মনুষ্য নাৰায়ণ পৰ;
হৈবেক কলি যুগত।
সত্যাদিৰ লোকে কলিত জনম;
বাঞ্চিবে অতি মনত॥
শাস্ত্ৰৰ সমাধি পূজা যজ্ঞ দান
সমস্তে শ্ৰম এড়াই।
মহা সুখে মোক্ষ লভিবে কলিত।
মোৰ নাম গুণ গাই॥
এতেকে কলিক চাৰি যুগ মাজে;
উত্তম বুলি বখানি।
মহন্ত সকলে কৰয় প্ৰশংসা;
কলিৰ গুণ বখানি॥
কেৱলে কলিত মোৰ গুণ নাম;
শ্ৰৱন কীৰ্ত্তন কৰি।
এতেকে কৰ্ম্মৰ বন্ধন এড়াই;
যাবে সংসাৰ তৰি॥
কলি যুগে মহা ধন্য সুদ্ৰ ধন্য;
একোন ধন্য বখনি।
নাই শৌচাচাৰ বেদ বিদ্ধি কাৰ;
ৰবৈ ৰাম মাত্ৰ বানি॥
এতেকতে মহা দুৰ্ল্লভ মুকুতি;
পদ অপ্ৰয়াসে পাৱে।
অনেক জনম জ্ঞানী কম্মী জনে;
প্ৰবন্ধে যাক নপাৱে॥
মহা পাপী অন্ত জাতি তৰে অতি;
কলি যুগে কীৰ্ত্তনত।
শুনা মুনিবৰ কলিৰ যুগৰ;
কহিবো কত মহত্ব॥
জানিবা কলিত মোৰ নাম বিনে;
নথাকিবে ধৰ্ম্ম আন।
গীতা ভাগৱত আদি কৰি যত;
শাস্ত্ৰৰ কহিলো গুণ॥
হেনয় কলিত জন্ম ধৰি যিতো;
হৰিৰ নাম নধৰে।
সিতো মহাপাপী মনুষ্যে আপুনি;
আত্মাঘাট কৰি মৰে॥
কলিৰ ভয়ত পলায় ধৰ্ম্ম যত;
নামত লৈবো শৰণ।
সমস্তে ধৰ্ম্মক সিশি পাবে লাগ;
যি কৰে নাম কীৰ্ত্তন॥
সদায়ে জানিবা সমস্ত ধৰ্ম্মৰ;
মোহোৰেসে নামে ৰাজা॥
আন যত ধৰ্ম্ম নামৰ কিঙ্কৰ;
কহিলো শাস্ত্ৰৰ মৰ্জা॥
কলিত নামেসে কলিত নামেসে;
নামেসে গতি লোকৰ।
মোহৰ নামেসে জানিবা নিশ্চয়;
সুধৰ্ম্ম কলি যুগৰ॥
সকলে জগত জাইবেক তল;
কলি সাগৰৰ মাজে।
সমস্তে লোকক নিগ্ৰহিবে কলি
হৰি ভকতিত বাজে॥
কলিৰ যুগত মহা ম্লেচ সবে;
ফুৰিবে ৰাজা বলাই।
এড়ি ৰাজ নিতি ডকাইৰ বৃত্তি;
ধৰিবে ৰাজা সদায়॥
অৰ্থৰ নিমিত্তে মনুষ্যক যেন;
মাংস চিণ্ডি খাবে বলে।
সৰ্ব্ব সুৱ গ্ৰাহি লৈবেক নিগ্ৰাহি;
মিছবাদ দিয়া জল॥
ৰাজ বংশি মানে সবে নিমজিৱ;
যাৰ বল সেই ৰাজা।
ন থাকিব সুখ পাবে মহা দুধ;
যতেক কলিৰ প্ৰজা॥
অধৰ্ম্মৰ বলে বাঢ়িবেক শ্ৰী;
মানিবে মনে কুশল।
বলে শক্ৰ যত জিনিবে পাচত;
সমুলঞ্চে যাবে তল॥
মোহৰ নামক পাষণ্ড সকলে
ফুৰিবে কৰি ধিস্কাৰ।
মহা পাপী দুষ্ট দুৰ্জ্জন সকলে
পৃথিবীৰ হৈবে ভাৰ।
হেন দেখি ময়মহৈবো অৱতাৰ;
কল্কিৰপে বিপৰীত॥
বিষ্ণু যশ প্ৰীতি হৈবন্ত আমাৰ;
যজ্ঞু বল্ক পুৰোহিত॥
ঘট কত চৰি হাতে খাণ্ডা ধৰি;
বধিবো যত পাষণ্ড।
সমন্তে ম্লেচক উচ্ছাদিবো কাতি;
কৰিবোহো খণ্ড খণ্ড॥
ৰাখিয়া সৰ্জ্জন বধিয়া দুৰ্জ্জুন;
খণ্ডিবো ভূমিৰ ভাৰ।
বোধ শাস্ত্ৰ মানে সমস্তে গুচায়;
কৰিবো বেদ প্ৰচাৰ॥
অনেক সুবৰ্ণ দিবোহো দক্ষিণা;
জজিবো যজ্ঞ বিস্তৰ।
পুনৰপি আসি সত্য প্ৰবৰ্ত্তিবো :
গুচিবে দুখ লোকৰ॥
পাতালৰ হতে বলিক আনিয়া;
দিবো তাঙ্ক ইন্দ্ৰপদ।'
শুনা মুনিবৰ মোহৰ জন্মৰ;
কৰ্ম্মৰ নাহিকে অন্ত॥
এতেকে সকলে যিতো গুনে ভণে
মোহৰ নামৰ অন্ত।
বোধ সকলোক নিৰ্জ্জান কৰিবো;
প্ৰকাশ কৰিবো সম্ভ॥
কৈলো সৰোদ্ধাৰ আগত তোমাৰ;
কৈলো মোৰ জন্ম কৰ্ম্ম।
সমস্তে ধৰ্ম্মৰ ইসে সাৰেৰ্ত্তিৰ
মনুষ্যৰ শ্ৰেষ্ট ধৰ্ম্ম॥
একান্ত শৰণে যিতো শুনে ভণে
মোহৰ জন্মৰ কথা।
জগত দুৰ্ল্লভ যদি ময় তাৰ;
সুলভ মই সৰ্ব্বথা॥
ব্ৰহ্ম বধ সুৰা পান মিত্ৰ দ্ৰোহ;
কৃত পাপ আচৰে।
আগম গমন কৰে যিতো জন;
সুবৰ্ণক চুৰি কৰে॥
সংসাৰ মধ্যত আন আছে যত;
মহা মহা পাপীগণ।
ইহাৰ শ্ৰবণে কীৰ্ত্তন হৈবেক;
সমস্তে পাপ মোচন॥
প্ৰভাততে উঠি মোৰ জন্ম কৰ্ম্ম;
অনু দিনে যিতো গাৱে।
দেৱ লোকে অতি স্মাৰে মোক প্ৰতি;
মোৰ লোক সুখে পাৱে॥
মোৰ জন্ম কৰ্ম্ম যদ্যাপি পৰম;
গোপনীয় কথা সাক্ষাত।
তুমি মোৰ মহা সুহৃদ জানিয়া;
এতেক কৈলো তোমাত॥
এতেক কহিয়া মুনিৰ আগত;
মৌন ভৈলা লক্ষ্মীপতি।
জন্ম ৰহস্যৰ কথা। মনোহৰ;
এহি মানে সমীপতি॥
নমো নাৰায়ণ জগত কাৰণ;
যিতো দেৱতাৰ দেৱ।
তোমাৰ চৰণে পশিলো শৰণ;
কৰো লক্ষ কোটি সেৱ॥
শুনিয়ো দুৰ্ম্মতি দেখিয়ো সম্প্ৰতি;
মোহৰ অযজ্ঞ কৰ্ম্ম।
মহা মূঢ় হৈয়া বিৰছিবো পদ;
তযু গুণ জন্ম কৰ্ম্ম॥
ভকত বৎসল তোমাৰ চৰণে;
প্ৰণামো হৈয়ো সন্তোষ।
অজ্ঞানীৰ মোৰ ক্ষমিয়োক প্ৰভু;
বঢ়া তুটা যত দোষ॥
শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুণাকৰ;
সাক্ষাতে কৃষ্ণৰ অংশ।
দৈবকী নন্দন যিতো কৃপাময়;
উদ্ধাৰিলা যদু বংশ॥
গহিন গম্ভীৰ মহা যোগী ধিৰ;
নামত শঙ্কৰ দেৱ।
ককণা সদন পাষণ্ড মৰ্দ্দন;
যাক সম নাহি কেৱ॥
দয়াৱন্ত সন্ত শীতল স্বভাৱ;
পৰম গুণে মহন্ত॥
কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়া;
পাতকিক তাৰিলন্ত॥
কলিযুগে পাপ পয়োনিধি মাজে;
মজিলা লোক সমুলি।
সমস্তে সংসাৰ কৰিলা উদ্ধাৰ';
কৃষ্ণ নাম নাৱে তুলি॥
তেন্তে মোৰ মহা গুৰু পিতৃ হৈয়া;
উদ্ধাৰিলা নৰকৰ।
দিয়া ভক্তি দান পোষন্ত পালন্ত;
পুত্ৰতো কৰি বিস্তৰ॥
তাহান চৰণে লৈয়া অনুমতি;
প্ৰণতি কৰি সৰ্ব্বথা।
মুৰুখ মাধৱে পামীৰ ৰচিলা;
জন্ম ৰহস্যৰ কথা॥
শুনিয়োক সভাসদ জম্ম ৰহস্যৰ পদ;
সাক্ষাতে অমৃত সমনয়।
পদত দোষ নপাই নিন্দিবাক নুজুৱাই
বুলো হে কৃতাঞ্জলি হৈ॥
ভাগৱত মিশ্ৰ দিয়া পদবন্ধে নিবন্ধিয়া
আত যদি কিছো ছিদ্ৰ থাকে।
তথাপি নেদিবা দোষ নকৰিবা অসন্তোষ;
কিন্তু কৃপা কৰিয়ো আমাকে॥
যত কিছো দেখি বঢ়া ইতো অপধাৰ এড়া;
আত দোষ নেদিবা বিস্তৰ।
কৃষ্ণ কথা হেন জানি নিন্দা নুবুলিবা বানী;
ক্ষমাসে ভূষণ মহন্তৰ॥
যিতো মুচে নিন্দা বানী বুলে তাকে লভ্য জানি;
শিৰত বৈশন্ত কৃতাঞ্জলি।
কিন্তু সিটো মাত্ৰ মহা মনত তৃপিতি হোক;
মোক অহঙ্কাৰ বানি বুলি॥
মোৰ অতি কৰি কষ্ট নিজ পূণ্য কৰে নষ্ট;
মোৰ মহা পাপ কৰে ছন।
তাকো নেক্ষামিলোময় তেবে মোত পৰে নাই;
সংসাৰত মহা পাপী জন॥
কাল সৰ্পে আগে গিলি যাইবে আয়ু একে তিলি;
মিলে মৃত্যু কাৰ কেতিক্ষণ॥
হৈয়া মহা সাৱধান কৃষ্ণ কথা কৰা পান
লয়ে এবে কৃষ্ণত শৰণ॥
মুখে নাম গুণ স্মৰি ৰূপ হৃদয়ত ধৰি;
কৰা সুখে বৈকুণ্ঠে পয়ান॥
মাধৱৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন বিনে
তৰিবেক কলিত সাক্ষাত।
বৃথা কথা পৰিহৰি শ্ৰৱণ কীৰ্ত্তন কৰি;
এড়ায়োক অষন্তৰ হাত॥
চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত যত;
সবাতে হৰিত মাত্ৰ কয়ে।
জগতৰ যত পূণ্য় সিতো অপ্ৰয়াসে তৰে
মুখে মাত্ৰ ৰাম নাম লয়ে॥
হেন জানি বন্ধু জন নামত দিয়োক মন
মুকুতি পাতে ইচ্ছা যাৰ।
নামেসে মোক্ষত হেতু ৰাম নামে বান্ধা সেতু
সংসাৰ সাগৰে হৈবো পাৰ॥
নামে তপ যজ্ঞ দান জপ ব্ৰত তীৰ্থ স্নান;
নামে পিতৃ মাতৃ বন্ধু জন।
নামেসে মোক্ষৰ বীজ নামেসে মোহৰ নিজ;
জানি লয়ো নামত শৰণ॥
হে কৃষ্ণ কৰু সেৱ পতিত পাৱন দেৱ
ময় মহা পাতকি দুৰ্ঘোৰ।
নিজ কৰ্ম্মে যিতো জৈত ফুৰে তৈঁতে তযু গুণ;
নাম নচাৰোক মুখে মোৰ॥
তোমাৰ অৰুণ দুই চৰণে বিক্ৰয় গৈলো;
ভৈলো তযু ভৃত্যৰ কিঙ্কৰ।
শুনিয়োক সৰ্ব্বজন কৃষ্ণত অৰ্পিয়ো মন
মুখে কৰা কৃষ্ণৰ কীৰ্ত্তন॥
বঢ়া তুতা দোষ যত ক্ষমা কৰা জোৰ হাট;
শুনা সদা মাধৱৰ নাম।
কহয় মাধৱ দাস কৃষ্ণৰ দাসৰোদাস
নিৰন্তৰে বোলা ৰাম ৰাম॥
অন্ত
জাননী
—৹—
আমাৰ ওচৰত তলত লেখা কিতাপ পুথি পোৱা যায়। আবশ্যক হলে ভিঃ পি ডাকত পঠোৱা হয়। ৫৲ টকাৰ কমে পঠোৱা নেযায়।
১। ভূগোলসাৰ |
... |
৷৹ |
শ্ৰীৰমাকান্ত শৰ্ম্মা বুক এজেণ্ট।
(পলাশবাড়ী, কামৰূপ)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )