পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৮)


ব্ৰাহ্মাণ সকলে বেদ পাঠ এৰি;
 কৰিবে যত অকৰ্ম্ম।
পুৰণ পঢ়ম এড়ি নিজ ধৰ্ম্ম;
 আচৰিব পৰধৰ্ম্ম॥
সন্ধ্যা বন্দনাক বলী বিশ্বদেৱ;
 অগ্নি ত্ৰোত্ৰ পৰিহৰি।
শিশু উদৰক তৰ্পিবাক প্ৰতি;
 ফুৰিবন্ত যত্ন কৰি॥
উত্তম যে জাতি ব্ৰাহ্মণ সকলে;
 অজাতিৰ লৈবে দান।
ব্ৰাহ্মণৰ চিন য়জ্ঞু, সুত্ৰ মাত্ৰ;
 নথাকিবো ধৰ্ম্ম আন॥
তপ ধৰ্ম্ম মানে সবে গুচিবেক;
 অধৰ্ম্মে যুৰিবে ৰাজ।
কতো মল মতি মহন্ত সকলে;
 কৰিবে যত অকাৰ্য্য॥
শাস্ত্ৰৰ বিহিত এৰি কহিবেক;
 যাৰ যেন মনে ইচ্ছা।
পাত্ৰ যে সকলে  যুদ্ধিবে কেৱলে;
 সাক্ষি মতিবেক মিছা॥
পিতৃৰ বচন পুত্ৰে এড়িবেক;
 কনিষ্ঠে যেন জ্যেষ্ঠৰ।