পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪৫)


কুবুজিৰো মনোৰথ পুৰি অনন্তৰে।
অক্ৰুৰৰ গৃহক চলিবো তাত পৰে॥
পায়া মোক অৰ্ছিবেক অক্ৰুৰ মহামতি।
কৰিবেক স্তুতি মোক অনেক ভকতি॥
অনেক আশ্বাস মই বলি অক্ৰুৰক।
পৰম আনন্দে পাচে চলিবো গৃহক॥
মথুৰা বাসিৰ চিত্ত ৰঞ্জি অনুক্ষণে।
বঞ্চিবোহো পিতৃৰ গৃহত ৰঙ্গ মনে॥
আত অনন্তৰে কথা শুনা মুনিবৰ।
জৰাসন্ধ নামে ৰাজা অসুৰ বংশৰ॥
জীয়েকৰ মুখত জোয়াইৰ বদ্ধ শুনি।
সঙ্গে সাজি লৈয়া সেনা ত্ৰিশ অক্ষহিণী॥
মথুৰা বেৰিবে গৈয়া অতি আৰম্ভৰে।
তাৰ সেনাগণ মানে মাৰিবো সমৰে॥
দুনাই ত্ৰিশ অক্ষহিণী সাজি নিবে ধাৰ।
তাকো ৰণে মাৰিয়া কৰিবো বুন্দামাৰ॥
এহিমতে মাগধ শপত দশ বাৰ।
আসিবেক সাৰি তাক কৰিবো সংহাৰ॥
দুনাই ত্ৰিশ অক্ষহিণী সাজিয়া যতনে।
সেহি সময়ত সাজি আসিব যৱনে॥
দেখি মনুষ্যৰ শ্ৰেষ্ঠা দেখাই মুনিৰাজ।
নিৰ্ম্মিবো দ্বাৰাকা পুৰি পয়ো নিধিমাঝ॥