পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৭)


মই যেবে বোধ  ভৈলো আসি সুদ্ৰে;
 সুদ্ৰাক দিবেক দান॥
কলি যুগে পাপ সাগৰ তলত :
 যাব লোক নিৰন্তৰ।
ইহ লোকে পৰ লোকে যত কৰ্ম্ম;
 গুচিবে যত লোকৰ॥
পাষণ্ড জনৰ পাচ লাগি কতো;
 ফুৰাবে যত জগত।
কলো নিষ্ঠ কথা ন্যায় অন্যায়থা
 পৰিবেক নৰকত॥
সত্য সত ধৰ্ম্ম দয়া হৈবে দুৰ;
 কলি যুগে মনুষ্যৰ।
গুচিবে আচাৰ শাস্ত্ৰৰ বিচাৰ;
 লৈবে পণ্ঠ পাষণ্ডৰ॥
কলিৰ যুগত হৈবে অল্প আয়ু;
 যতেক লোক সকল!
অল্প শস্য মতী হৈবে বসুমতী;
 মেঘে হৈবে অল্প জল॥
সকলে ধেনুত অল্প দুগ্ধ হৈবে;
 দুগ্ধত নহৈবে ঘৃত।
হৈয়া মহামানি পৰম অজ্ঞানি;
 বোলাইবে মহা পণ্ডিত॥