এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)
ভকতৰ ৰঞ্জি চিত্ত কৰি লীলা বিপৰীত;
বঢ়াইবো আনন্দ অপাৰ॥
মোৰ লীলা যত যত দেখিবা আনন্দত;
তুমি মুনিবৰ মহামতি।
পৰম অমৃত ময় মোহৰ চৰিত্ৰ চয়;
আতপৰে শুনিয়ো সম্প্ৰতি॥
কৃষ্ণৰ চৰণে মন দিয়া সমাজিক জন;
দেখ কেন মাধৱৰ লীলা।
মহা পাপী দুৰাচাৰ, ঘাটুক দুৰ্জ্জন কংশ;
তাকে আপুনাৰ ৰূপ দিলা॥
যিতোজনে ভক্তিভাৱে ভজয় কৃষ্ণৰ পাৱে;
তাহাৰ মহিমা কৈবো কিক।
হেনয় কৃষ্ণক ত্যাজি চিত্ত নিদুখত মজি;
সিজনৰ জন্ম ধিক্ ধিক॥
কৰি আন আশা ভঙ্গ লয়ো ভকতৰ সঙ্গ;
কৃষ্ণৰ চৰণে দিয়া মন।
জানি ধৰ্ম্ম অনুপাম মাধৱৰ গুণ নাম
কৰা নিতে শ্ৰৱণ কীৰ্ত্তন॥
কলিযুগে মনুষ্যৰ নাহি ধৰ্ম্ম মনুষ্যৰ
বিচাৰি শাস্ত্ৰৰ লোৱা মৰ্জা।
কৃষ্ণত নকৰি মতি কলিত নপাইবা গতি;
জানি মাধৱৰ পাৱে ভজা॥