পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪ )

অৰ্দ্ধ ৰাত্ৰি সুভগ্ৰহ সুপ্ত সময়ত।
হৈবে শান্ত সুৰণৰ মুনি যত যত॥
তিনিয়ো জগত শান্ত হৈবে সিবেলাত।
সুৰভি শীতল সমুঙ্গল বহে বাট॥
ব্ৰহ্মা আদি দেৱে কৰিবন্ত স্তুতি নতি।
হেন সুভ সময়ত হৈবোঁ উৎপতি॥
নিজৰূপে অৱতাৰ হৈব মুনিবৰ।
দেখি পিতৃ মাতৃ স্তুতি কৰিবো বিস্তৰ॥
তাসম্বাৰ প্ৰতি আতি সাধিবাক প্ৰতি।
হৈবো শিশু ৰূপে পাচে তৈতে মহাসতী॥
দেখি বসুদেৱ মোক কোলে কৰি লৈব।
কংশৰ ভয়ত নিয়া গোকুলত থৈব॥
বাসুদেৱ নাম মোৰ হৈবেক প্ৰচাৰ।
বঢ়াইবো আনন্দ অতি নন্দ যশোদাৰ॥
কি কহিবো মোৰ বল বিৰ্য্যৰ মহিমা।
অনন্ত অচ্যুত প্ৰভাৱৰ নাহি সীমা॥
তথাপিতো কিছো কহোঁ শুনা মহামুনি।
যেন যেন কৰ্ম্ম মই কৰিবো আপুনি॥
পৰম পবিত্ৰ কথা মোৰ জন্ম কৰ্ম্ম।
নাহি আত পৰে মনুষ্যৰ শ্ৰেষ্ট ধৰ্ম॥
হৈয়া এক শৰণ আমাত যিতো নৰে।
শ্ৰৱণ কীৰ্ত্তন আকঁ কৰে নিৰন্তৰে॥