এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৬)
মথুৰা পুৰিক পাচে অতি যোগবলে।
দ্বাৰাকা পুৰিক লাগি নিবো অবিকলে॥
দুনাই মথুৰাক আসি নিজ ৰূপ ধৰি।
যৱনক খেদাই চলি যাব লীলা কৰি॥
দেখি কাল যৱনে পাচক পাচে খেদি।
যাব তাক নিদিবো বিদুৰক লগ নেদি॥
অলক্ষিত ৰূপে গৈয়া গিৰী গৰ্ত্তৰত।
মৰাইবো যৱন মুচকুণ্ডৰ হাতত॥
পাচে মোক ৰাজা নিজ ৰূপে ভেণ্ট পাই।
কৰিবেক অনেক স্তুতি মুচকুণ্ড ৰায়॥
তাহাঙ্ক আশ্বাসী গৰ্ত্তৰ বাঝ হৈব।
কাল যৱনৰ সবে সেনাক বধিব॥
জৰাসন্ধ ভয়ে দেখাই লীলা মনুষ্যৰ।
পলাই চলিবো গৈয়া গিৰীৰ শিখৰ॥
হেন দেখি পাচে মোক মাৰিবে প্ৰবন্ধে।
পৰ্ব্বত বেৰিয়া জুই দিবে জৰাসন্ধে॥
এঘৰা যোজন চৰা গিৰীৰ শিখৰ।
তাৰ পৰা দেৱে পাইব দ্বাৰাকা নগৰ॥
আত অনন্তৰে কথা শুনা মুনি বৰ।
বঢ়াইবো আনন্দ অতি যাদৱ বংশৰ॥
দ্বাৰাকাত সভা দেৱতো অধিক।
গৃহতে মিলাইবো আনি বাগৰৰ স্ত্ৰীক॥