পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৬)

মালাকাৰ সুদামাৰ  বাৰীক চলিয়া যাবো;
 গোপ শিশুগণ লৈয়া সঙ্গে॥
দেখি মোক মালাকাৰ  কৰিবেক নমস্কাৰ;
 সুগন্ধ কুসুম চয় আনি।
কৰি হাত কৃতাঞ্জলি  নম্ৰভাৱে সিতো মোক;
 বুলিবে অনেক স্তুতি বাণি॥
হৈয়া তুষ্ট বহুত্তৰ  দিয়া সুদামাক বৰ;
 অনন্তৰে তৈৰ চলি যাইবো।
সুগন্ধ চন্দন লৈই  কংশত জনাইবে গৈ
 পথত কুজিক ভেণ্ট পাইবো॥
তাইৰ চাপিয়া পাশ  খুজিবো চন্দন মাতি
 বুলি অতি মধুৰ বচন।
মোৰ বাক্য ভূলি মন  সুন্দৰি সাদৰি মোক
 পিন্ধ্যাইবেক আপুনি চন্দন॥
তুষ্ট হুয়া তাৰ ফল  দেখাইবোঁ আগতে মই
 তাইৰ আতি প্ৰীতি সাধি মনে।
ভৰিত জান্তিয়া ভৰি  হাত তহিবুক ধৰি;
 কুজচয় কৰিবো তেখনে।
মোহৰ পৰস পায়  দিব্য ৰূপ ধৰি তাই;
 কামে মোক বুলিবে বচন।
হাসিয়া হাতত ধৰি  তাহাঙ্ক আশ্বাস কৰি;
 তৈৰ পৰা কৰিবো গমন।