পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪৩)


তৰিবা সংসাৰ দুখ লভিবা পৰম সুখ;
 মুখে লোৱা মাধৱৰ নাম।
পৰম মুৰুখ মতি কহয় মাধৱ দাস
 নিৰন্তৰে বোলা ৰাম ৰাম॥


পদ।


গোবিন্দ বদতি শুনিয়োক মুনিৰাজ।
কংশক বধিয়া সাধি দেৱতাৰ কাৰ্য্য॥
পৃথিবীৰ মহা ভাৰ হৰি অবিকলে।
পিতৃৰ মাতৃৰ প্ৰীতি সাধিবো সকলে॥
যাদৱগণক দুখ সাগৰত তাৰি।
যজ্ঞ সুত্ৰ লৈ পাঁচে হৈবো ব্ৰহ্মচাৰী॥
ব্ৰহ্মচৰ্য্য ধৰি নৰ শ্ৰেষ্টাক দেখাবো।
গুৰুৰ গৃহত শাস্ত্ৰ পঢ়িবাক যাইবো॥
অয়ন্তি দেশত বিপ্ৰ শাস্তি পাণি নাম।
তাকে গুৰু মানি গৈয়া কৰিবো প্ৰমাণ॥
কৰিয়া প্ৰবন্ধ শাস্ত্ৰ পঢ়িবো নিঃশেষ।
জানিবো চৌষট্টি কলা চৌষষ্টি দিবসে॥
মৰা পুত্ৰ গুৰুক দক্ষিণা দান দিবো।
গুৰুত অনুজ্ঞা লৈয়া গৃহক চলিবো॥