পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩)

পুত্ৰ ধন জন জায়া মায়াময় জানি।
হৈয়া এক শৰণ ভজিয়ো চক্ৰপাণি॥
দেৱতো উত্তম ইতো মনুষ্য শৰীৰ।
কেতিক্ষণে পৰে কায়া তাৰ নাই স্থিৰ॥
অনেক জন্মৰ পূণ্য মহাধৰ্ম্ম দিয়া।
মনুষ্য শৰীৰ নৌকা আচাহা কিনিয়া॥
দুখনামে সাগৰত তৰিবাক প্ৰতি।
যাৱে নতো ভোগ তাৱে-তৰিয়ো সম্প্ৰতি॥
একাদশ ইন্দ্ৰিনতো নহন্ত বিকল।
যাৱে নতো কৰে ব্যাধি শৰীৰ দুৰ্ব্বল॥
তাৱে কৃষ্ণ কথা কৰা শ্ৰবণ কীৰ্ত্তন।
মুকুতি পদক লাগি যাৰ আছে মন।
গৌণকৰ আগে সুতে কহিলা পূৰ্ব্বত।
কৰি সাৰোদ্ধাৰ সৰ্ব্ব শাস্ত্ৰৰ সন্মত॥
যি সব কথাত আছে কৃষ্ণ গুণ নাম।
তাকে মাত্ৰ সেৱা কৰিবেক অবিশ্ৰাম॥
এহিমানে পৰম কৰ্ত্তব্য মনুষ্যৰ।
হেন জানি কৃষ্ণক ভজিয়ো সবে নৰ॥
দুৰতে কৰিয়ো ত্যাগ আন যত কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥