পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

সেহি দিনা আমাৰ গোবিন্দ নাম থবা।
যাইবন্ত স্বৰ্গক মোক অনুমতি লবা॥
তাত পাচে নন্দে কৰি একাদশী ব্ৰত।
প্ৰভাতে দিবেক বুৰ যমুনা জলত॥
তাহাঙ্ক নিবেক ধৰি বৰুণৰ দুতে ধৰি।
লীলায় আনিবো মই নন্দক উদ্ধাৰি॥
অদ্ভুত মহিমা মোৰ দেখিয়া বিস্তাৰ।
হৈবেক ঈশ্বৰ জ্ঞান সবে গোকুলৰ॥
দেখিবে বৈকুণ্ঠ পুৰি নৰ নাৰীগণ।
আমাৰ সযিপ নচাৰিবো সৰ্ব্বক্ষণ॥
হেন দেখি তাসম্বাৰ লিঙ্গ দৃঢ় কৰি।
সবাকো দেখাবো নিয়া বৈকুণ্ঠ নগৰি॥
পৰম সুন্দৰ মোৰ দেখি কলেৱৰ।
কৰিবে ভকতি কামে গোপী নিৰন্তৰ॥
পুৰিবোহোঁ মনোৰথ গোপীকাৰ যত।
কৰিবোহোঁ ৰাস ক্ৰীয়া শৰত কালত॥
কাম নাম সাগৰত গোপীক তাৰিবোঁ।
অনন্তৰে শঙ্খচুৰ যক্ষক বধিবোঁ॥
নন্দক গিলিবে ঘোৰ অজাগৰে ধৰি।
আমাত শৰণ লৈবো আৰ্ত্তনাদ কৰি॥
দেখিয়া নন্দক কৰি সৰ্পৰ উদ্ধাৰ।
গোকুল বাসিৰ প্ৰীতি সাধিবো বিস্তাৰ