পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৪)

স্বৰ্গৰ অধিক স্থান মথুৰা পুৰিত।
বঞ্চিবো আনন্দে সমস্তৰে ৰঞ্জি চিত্ত॥
শুনিয়োক আত পৰে মুনি মহাশয়।
মোহোৰ বিযুগে যত গোপ গোপী চয়॥
শোক নামে সাগৰত মজিবো সমুলি।
কান্দিবেক অনুৰাগে হা কৃষ্ণ বুলি॥
ধ্বজ ব্ৰজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কত।
মোৰ খোজ চয় গৈয়া দেখি পৃথিবীত॥
সুমৰি পৰম মোৰ ৰহস্য আলাপ।
গৃহ পুত্ৰ সম এৰি কৰিব বিলাপ॥
সিতো গোপী সব মোৰ ভক্ত বিপৰীত।
তনু মাত্ৰ গৃহত মোতেসে হৈবো চিত্ত॥
প্ৰেম ভকতিত মোক কৰিবে অধীন।
নপাৰিবা গোপীকাৰ সুজিবাক ঋণ॥
যদ্যপি ঈশ্বৰ মই, কোটি ব্ৰহ্মাণ্ডৰ।
তথাপি অধীন যেন ভকত জনৰ॥
ভকতত পৰে মোৰ বস্তু নাহি আন।
কহিলো স্বৰূপ মুনি তুমি মোৰ প্ৰাণ॥
বৃষ্টিৰ বংশত উপগুষৰ তনয়।
হৈবন্ত উদ্ধৱ মোৰ ভক্ত অতিশয়॥
গোকুলক লাগি পাচে তাহাঙ্ক পঠাবো।
বচন সন্দেহে ব্ৰজ বাসীক যুৰাইবো॥