এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )
অনন্তৰে উগ্ৰসেন কংশৰ পিতৃক আনি
কৰিবোহোঁ ৰাজ্য অভিষেক।
শিৰে শ্ৰেত ছত্ৰতুলি ধৱল চামৰে ঢুলি
বুলিবোহোঁ আশ্বাস অনেক॥
কংশ ৰাইৰ নিগ্ৰহত আমাৰ ভকত যত;
পাইবে মহা অনেক নিকাৰ।
বচনে সাদৰ কৰি মহাযত্নে গ্ৰহ ভৰি;
সাধিবো লোকৰ উপকাৰ॥
জ্ঞাতিক ৰঞ্জিবো পাছে গোপগণ যৈত আছে;
তৈক লাগি কৰিবা গমন।
তাসম্বাৰ পুৰি মন দিবোহো অনেক ধন;
বুলি অতি মধুৰ বচন॥
শিৰে নমস্কাৰ কৰি নন্দক সাবটি ধৰি;
বাক্যে তান চিত্তক তুষিব।
কুসুম চন্দন গন্ধে বস্ত্ৰ অলঙ্কাৰ ৰঞ্জি;
নন্দ আদি গোৱালক দিবো॥
আদৰ কৰিয়া আতি প্ৰবোধিয়া বুলি মাতি
পালটীয়া পলাইবো গোকুল।
যশোদা প্ৰমুখ্যে যত গোপী মোৰ বিৰহত;
কান্দিবেক অনেক আকুলে॥
এহি মতে মুনিবৰ সাধি দেৱতাৰ কাজ;
খণ্ডি পৃথিবীৰ মহাভাৰ।