পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

কেজুৰ কঙ্কৰ তাতে ৰতনে জৰিত।
কৰতল ৰাতুল কমল মননিত॥
সুদীৰ্ঘ আঙ্গুলি ঝাপ সোণাৰ আঙ্গুষ্টি।
নখ চন্দ্ৰ প্ৰকাশে দেখন্তে মনতুষ্টি॥
শঙ্খ চক্ৰ গদা পদ্ম হাতে চাৰি অস্ত্ৰ।
কান্ধে নৱ গুণ শৰীৰত পীত বস্ত্ৰ॥
ললাটত বলি উদৰত ৰেখা তিনি।
সুগম্ভিৰ নাভি ৰত্নে জৰিত কিঙ্কিণী॥
পাট পতি ভূণি উৰু সম কৰি কৰ।
সম জানু জঙঘ মাঝে ৰত্নৰ হাৰৰ॥
দুখনি চৰণ যেন নৱ পদ্ম কোষ।
যাক দেখি ভকতৰ মনত সন্তোষ॥
তাৰ মাজে জলে আতি উঝতি ৰত্নৰ।
জলে নখ মনি নৱ চন্দ্ৰ সমসৰ॥
তাৰ মাজে ৰত্নৰ নেপুৰে কৰে কান্তি।
চম্পাৰ পাকৰি নৱ আঙ্গুলিৰ পান্তি॥
ৰাতুল কমল পদতল মননিত৷
ধ্বজ ব্ৰজ পঙ্কজ অঙ্কুশে অলঙ্কৃত॥
শৰীৰৰ কান্তি দশ গুণে প্ৰকাশন্ত।
হেনৰূপ কৃষ্ণৰ নাৰদে দেখিলন্ত॥
আনন্দে দ্ৰবিল মন শৰীৰ সিহৰে।
পৰম প্ৰেমত নয়নৰ নিৰ পৰে॥