পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৮)


অদিতী আসিয়া মোক আৰাধিব;
 দেখি দুঃখ দেৱতাৰ।
অদ্বিতীৰ গৰ্ভে বামন স্বৰূপে;
 হৈ’ব আসি অৱতাৰ॥
দেখি মোক অতি ব্ৰাহ্মণ সকলে;
 কৰিবে স্তুতি ভকতি।
বতু ৰূপ ধৰি চলি যাব পাচে;
 বলিৰ সভাক প্ৰতি॥
চলিয়া বলিক পাতালে পঠাবো;
 নাহিকে আত সংশয়।
পাচে বিদ্যমানে নিজ নিজ থানে;
 থাপিবো দেৱতা ছয়॥
আপুনি উপেন্দ্ৰ হৈব জগতৰ;
 খণ্ডিবো সবে আপদ।
হেন দিব্য ৰূপ আমাক সাক্ষাতে;
 দেখিব পাচে নাৰদ॥
জন্ম-ৰহস্যৰ কথা মনোহৰ;
 কহন্ত আপুনি হৰি।
পৰম কৌতুকে আচন্ত নাৰদ;
 শুনি এক চিত্ত কৰি॥
পৰম অমৃত কৃষ্ণৰ চৰিত্ৰ;
 শুনা সমাজিক লোক।