পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৫)


বিষ্ণু যশ প্ৰীতি হৈবন্ত আমাৰ;
 যজ্ঞু বল্ক পুৰোহিত॥
ঘট কত চৰি হাতে খাণ্ডা ধৰি;
 বধিবো যত পাষণ্ড।
সমন্তে ম্লেচক উচ্ছাদিবো কাতি;
 কৰিবোহো খণ্ড খণ্ড॥
ৰাখিয়া সৰ্জ্জন বধিয়া দুৰ্জ্জুন;
 খণ্ডিবো ভূমিৰ ভাৰ।
বোধ শাস্ত্ৰ মানে সমস্তে গুচায়;
 কৰিবো বেদ প্ৰচাৰ॥
অনেক সুবৰ্ণ দিবোহো দক্ষিণা;
 জজিবো যজ্ঞ বিস্তৰ।
পুনৰপি আসি সত্য প্ৰবৰ্ত্তিবো :
 গুচিবে দুখ লোকৰ॥
পাতালৰ হতে বলিক আনিয়া;
 দিবো তাঙ্ক ইন্দ্ৰপদ।'
শুনা মুনিবৰ মোহৰ জন্মৰ;
 কৰ্ম্মৰ নাহিকে অন্ত॥
এতেকে সকলে যিতো গুনে ভণে
 মোহৰ নামৰ অন্ত।
বোধ সকলোক নিৰ্জ্জান কৰিবো;
 প্ৰকাশ কৰিবো সম্ভ॥