পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)

জয় নমো নাৰায়ণ দৈৱকী নন্দন।
ব্ৰহ্মা আদি দেৱে সেৱে যাহাৰ চৰণ॥
কৰোঁ‌ হেন কৃষ্ণৰ চৰণে নমস্কাৰ।
আৰম্ভৰ সিদ্ধি হোক চৰণে প্ৰচাৰ॥
হে কৃষ্ণ কৃষ্ণ প্ৰভু তুমি মোৰ স্বামী।
চৰাচৰ জগতৰ তুমি অন্তৰ্য্যামি॥
পৰম অজ্ঞানী ময় মহা মূঢ়মতি।
জানি হৃষিকেশ মোত দিয়া অনুমতি॥
হৃদয়ৰ গুৰু তুমি বিনে নাই কেৱ।
জানিয়া তোমাৰ পাৱে পৰি কৰোঁ‌ সেৱ॥
প্ৰণত পালক প্ৰভু তুমি হৃষিকেশ।
কৃপাময় কৃষ্ণ মোত দিয়ো উপদেশ॥
নমো নমো কৃষ্ণ দুষ্ট দৈত্য অন্তকাৰি।
শঙ্খ চক্ৰ গদা পদ্ম যাৰ অস্ত্ৰ চাৰি॥
হেনয় কৃষ্ণক কৰু চৰণে প্ৰণতি।
কহয় মাধৱ দাস মহামূঢ় মতি॥
কৃষ্ণ পদ পঙ্কজক ধৰি এক মনে।
কৰি নমস্কাৰ নিজ গুৰুৰ চৰণে॥
বিৰঞ্চীবু জন্ম-ৰহস্যৰ কথা সাৰ।
হ'ক পদ কৃষ্ণ পদে প্ৰসাদে প্ৰচাৰ॥
জন্ম ৰহস্যৰ কথা সাক্ষাতে অমৃত।
ভাগৱত কথা আত কৰিবো মিশ্ৰিত॥