সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)

তাৰ অৰ্থে মই; হৈ’ব অৱতাৰ;
 কৰ্ম্মৰূপে ভয়ঙ্কৰ।
পৰম লীলায়ে পিঠিত ধৰিয়া;
 তুলিবু গিৰি মন্দৰ॥
দুৰ্জ্জন সকলে আক্ৰমিবে ভূমি;
 তাত মহাপীড়া পাব।
ভাৰ সহিবাক নপৰি পৃথিবী
 ঘোৰ ৰসাতলে যাব॥
হেন দেখি মই হৈব অবতাৰ;
 বৰাহ ৰুপক ধৰি।
পাতালৰ হন্তে আনিব পৃথিবী;
 দান্তৰ আগে উদ্ধাৰি॥
হিৰণক্ষ নামে দত্যক বধিবো;
 দন্তে চিৰি সম্বুদাই।
শুনা মুনিবৰ পৰম কৌতুকে;
 থাকিবাহা লীলা চাই॥
মহাসুভনয় হিৰণ্য তনয়;
 বৈষ্ণৱ অতি প্ৰহ্লাদ।
মোক হিংসা পদে দুৰ্ব্বাৰ অসুৰে;
 কৰিবে অঙ্ক বিবাদ॥
ভকতৰ দুখ দেখি মুনিবৰ;
 নসহে হৃদি আমাৰ।