পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৭ )

মোৰ পৰশণে কৰ্ম্ম বন্ধে হৈয়া খিন।
অঘাসুৰ মোহোৰ চৰণে যাবে লীন॥
মোহৰ মহিমা ব্ৰহ্মা পৰীক্ষা কৰিব।
চুৰি কৰি গোৰক্ষ দামুৰী সবে নিব॥
হেন দেখি পাছে মই নিব যোগ বলে।
গোৰক্ষ দামৰী সব হৈবে অবিকলে॥
দেখিবন্ত মোৰ মহা মহিমা সকল।
মোহ নাম সাগৰত ব্ৰহ্মা যাব তল॥
আপুনাৰ নিজ ৰূপ কৰিয়া সংহাৰ।
কৰিবো ব্ৰহ্মাকে মোহ সাগৰে উদ্ধাৰ॥
কৰিবন্ত স্তুতি মোৰ বখানি মহিমা।
লৈয়া অনুমতি নিজ স্থানে যাবে ব্ৰহ্মা॥
আত অনন্তৰে সাধি দেৱতাৰ কাৰ্য্য।
সবান্ধৱে বধিবো ধেনুক দৈত্যৰাজ॥
ধৰি পাচ ভৰি হাতে তাল লৈয়া চাৰি।
ভূঞ্জাবো গোপক পকা তাল ফল পাৰি॥
কালিন্দ্ৰী হ্ৰদত বঞ্চিবেক কালী সৰ্প।
তাহাক দসিবো মই কৰি মহা দৰ্প॥
মাৰিবে গোৰক্ষ গৰু বিষ পাণী খাই।
কটাক্ষতে জীয়াবো অমৃত দৃষ্টি চাই॥
তাক দমিবাক কোপ কৰিয়া মনত।
চৰিবোহোঁ বস্ত্ৰ কাছি কদম্ব গাছত॥