পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

কৃষ্ণ কথা সঞ্জগত হৈবে ৰুচিকৰ।
ৰত্ন জৰে চৰে যেন কান্তি সুবৰ্ণৰ॥
বলো কৰ জোৰে শুনিয়োক সভাসদ।
মূৰ্খ হুয়া কৰোঁ জন্ম-ৰহস্যৰ পদ॥
আমাৰ পদত কেহোঁ নধৰিব দোষ।
কৃষ্ণ কথা শুনি হুয়ো মনত সন্তোষ॥
মই কেন মূঢ়মতি শুনা সৰ্ব্বজনে।
কৰিয়াছে পদ মহা মহাসাধু জনে॥
তাকে দেখি মই পদ কৰিবাক চাওঁ।
গৰুড়ৰ উৰক টৈপেচি হুই ধাওঁ॥
মোৰ ইতো দোষ ক্ষমা কৰিও যতনে।
কৃষ্ণ কথা অমৃতক পীয়ো এক মনে॥
কৃষ্ণৰ জন্মৰ কথা অমৃততোধিক।
কৰি এক চিত্ত মনে সবে সমাজিক॥
কলিযুগে আৰু আতপৰে আন নাই।
সমস্তে শাস্ত্ৰৰ এহি মক্ষ অভিপ্ৰায়॥
স্বভাৱে কলিৰ লোক ভৈলা দুৰাচাৰ।
পাতৰি ধৰ্ম্মে কৰ্ম্মে নাহি অধিকাৰ॥
ৰাম নাম দুগুটি অক্ষৰ যিটো গাৱে।
তৰিব সংসাৰ সিতো জানিবা স্বভাৱে॥
হেন জানি শুনা পাপ কৰিয়া উচ্ছাদ।
জন্ম-ৰহস্যৰ কৃষ্ণ নাৰদ সংবাদ॥