পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

মৰকত সম শ্যাম তাতে পতি বাস।
সজ্জল মেঘত যেন বিজুলি প্ৰকাশ॥
প্ৰসন্ন বদন কোটি চন্দ্ৰ সম জলে।
যতুৰ কিৰিটি শিৰে সম নাহি মলে॥
কমল লোচন কৰ্ণে মকৰ কুন্তল।
তাৰ ৰশ্মি প্ৰকাশে পাণ্ডৰ গণ্ড স্থল॥
ভ্ৰৰ সুবলিত দন্ত মুকুতাৰ পান্তি।
ললাটত ৰত্নৰ তিলকে কৰে কান্তি॥
সুন্দৰ নাসিকা যেন ৰত্ন তিল ফুল।
ইসৎ হাসিত চাৰু অধৰ ৰাতুল॥
অলকা পঙ্কতি প্ৰকাশিত অতিশয়।
পদ্মক বেৰিয়া যেন ভ্ৰমৰে গুঞ্জয়॥
ৰচিৰ ছিবুক নীল আঙ্কশতি কেশ।
চুৰা মনি ৰত্নে তাতে প্ৰকাশে বিশেষ॥
কণ্ঠত কস্তুভ নয় আদিত্যৰ ক্ৰান্তি।
বহুল হৃদয় তাতে শ্বৰীৎসৰ পান্তি॥
জিলি মিলি হাৰ মণি মুকুতাৰ মালা।
নানাৰত্নে বিৰচিত কোটিত মেখলা॥
পঞ্চ বৰ্ণ বন মালা আপদ লম্বিত।
হৃদয় মধ্যত লক্ষী ভৈলন্ত বিদিত॥
আজানুলম্বিত জলে বাহু চাৰিখান।
ভুজঙ্গৰ অঙ্গ যেন দেখিতে সুঠান॥