পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)

তৰিবেক সুখে সংসাৰৰ যত দুঃখ।
গৃহতে বসিয়া পাব মহা মোক্ষ সুখ॥
মোহৰ পৰম প্ৰিয় নাহি তাত পৰে।
কি কহিবো মুনি সিতো মোকে বশ্য কৰে॥
হেন জানি মুনি তুমি পৰম কৌতুকে।
মোহোৰ জন্মৰ কথা শুনিয়ো উৎসুকে॥
নন্দ যশদাৰ ঘৰে থাকি বিদ্যমান।
লীলাৰূপে অনেক দৈত্যৰ লৈবে। প্ৰাণ॥
প্ৰথমে মাৰিবে মোক আসিবে পুতুন৷
কৰি স্তন পান তাই ৰহিবো চেতনা॥
ওভটাইবো শঙ্কটক শৰণ আঘাতে।
আকাশক নিবে মোক দৈত্য চক্ৰবাকে॥
মাৰিবো লীলায়ে তাক গলে চিপি ধৰি।
শীলাত পেলবো তাক চূণাকৃত কৰি॥
লয়নু খাইবাৰ পদে মোক ধৰি আনি।
বান্ধিবে যশদা মায়ে উৰুখল টানি॥
আছো মায়া পাসে বান্ধি জগত সকলে।
মোক বান্ধিবেক গোপী ভকতিৰ বলে॥
পৰম ঈশ্বৰ মই ভকতৰ বশ্য।
কহিলো তোমাক ইতো পৰম ৰহস্য॥
বান্ধে সমন্নিতে পাচে উৰল ঘসাই।
জয়ঞ্জা অৰ্জ্জুন দুই বৃক্ষত লগাই॥