পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬৪)


কলিৰ যুগত মহা ম্লেচ সবে;
 ফুৰিবে ৰাজা বলাই।
এড়ি ৰাজ নিতি ডকাইৰ বৃত্তি;
 ধৰিবে ৰাজা সদায়॥
অৰ্থৰ নিমিত্তে মনুষ্যক যেন;
 মাংস চিণ্ডি খাবে বলে।
সৰ্ব্ব সুৱ গ্ৰাহি  লৈবেক নিগ্ৰাহি;
 মিছবাদ দিয়া জল॥
ৰাজ বংশি মানে সবে নিমজিৱ;
 যাৰ বল সেই ৰাজা।
ন থাকিব সুখ পাবে মহা দুধ;
 যতেক কলিৰ প্ৰজা॥
অধৰ্ম্মৰ বলে বাঢ়িবেক শ্ৰী;
 মানিবে মনে কুশল।
বলে শক্ৰ যত জিনিবে পাচত;
 সমুলঞ্চে যাবে তল॥
মোহৰ নামক পাষণ্ড সকলে
 ফুৰিবে কৰি ধিস্কাৰ।
মহা পাপী দুষ্ট দুৰ্জ্জন সকলে
 পৃথিবীৰ হৈবে ভাৰ।
হেন দেখি ময়মহৈবো অৱতাৰ;
 কল্কিৰপে বিপৰীত॥