পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )

লক্ষ্মণ জানকী সমে চলিবো বনত।
কৰিবোহু ভোগ পাছে বনফল যত॥
আসি সূৰ্পণখা কামে বৰিবে আমাক।
কাটিবে লক্ষ্মণে তাইৰ ধৰি কাণ নাক॥
চতুৰ্দশ হাজাৰ ৰাক্ষস সমন্নিতে।
খৰ দুষণক মই বধিবো তহিতে॥
মাৰিচৰ লৈবো প্ৰাণ মাৰি ঘোৰ শৰ।
আত অনন্তৰে কথা শুনা মুনিবৰ॥
নিবেক সীতাক হৰি দুৰ্জ্জন ৰাক্ষসে।
লক্ষ্মণ সহিতে পাঠে বিচাৰিবো বনে॥
মৰিবো জটায়ু পক্ষী সীতাক ৰাখন্তে।
পাব দৰিশন গৈয়া সীতা বিচাৰন্তে॥
কৰিবো সমস্তে তাৰ প্ৰেত কাৰ্য্য যত।
বিৰাষ কৱন্ধ দুইকো বধিবো ৰণত॥
সুগ্ৰীৱ সহিতে পাচে সখীয়ো কৰিবো।
এক শৰ মাৰি পাচে বালিক বধিবো॥
সুগ্ৰীৱক দিয়া ৰাজ্য সত্য সাম্ফলিবো।
সাগৰত সেতু বান্ধি লঙ্কাক চলিবো॥
দুৰ্জ্জন ৰাক্ষস মহা দেৱতাৰ বৈৰী।
যুদ্ধক আসিবো হাতে অস্ত্ৰ শস্ত্ৰ ধৰি॥
মাৰিবো ৰণত তাক কৰিয়া নিগুটি।
আসিব ৰাবণ পাচে কৰি আতি মতি॥