পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৮)


গহিন গম্ভীৰ মহা যোগী ধিৰ;
 নামত শঙ্কৰ দেৱ।
ককণা সদন পাষণ্ড মৰ্দ্দন;
 যাক সম নাহি কেৱ॥
দয়াৱন্ত সন্ত শীতল স্বভাৱ;
 পৰম গুণে মহন্ত॥
কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়া;
 পাতকিক তাৰিলন্ত॥
কলিযুগে পাপ পয়োনিধি মাজে;
 মজিলা লোক সমুলি।
সমস্তে সংসাৰ কৰিলা উদ্ধাৰ';
 কৃষ্ণ নাম নাৱে তুলি॥
তেন্তে মোৰ মহা  গুৰু পিতৃ হৈয়া;
 উদ্ধাৰিলা নৰকৰ।
দিয়া ভক্তি দান পোষন্ত পালন্ত;
 পুত্ৰতো কৰি বিস্তৰ॥
তাহান চৰণে লৈয়া অনুমতি;
 প্ৰণতি কৰি সৰ্ব্বথা।
মুৰুখ মাধৱে পামীৰ ৰচিলা;
 জন্ম ৰহস্যৰ কথা॥