পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

পায়া পীড়া গোপ গোপী গাই গৰুগণ।
ত্ৰাহি কৃষ্ণ বুলি লৈবো আমাত শৰণ॥
হেন দেখি বাসৱৰ গৰ্ব্ব চুৰ কৰি।
ৰাখিবো গোকুল হাতে গবৰ্দ্ধন ধৰি॥
সাত দিন এক হাতে ধৰি মন্দৰক।
গৰ্ব্ব নাম পৰ্ব্বতক নুমাইবো ইন্দ্ৰক॥
নুহুইবেক গোকুলক ঘোৰ বৃষ্টি বাট।
দেখিবেক মোৰ নিজ ৰূপক সাক্ষাত॥
কৰিবেক ইন্দ্ৰে বাট বৃষ্টি ভয়ঙ্কৰ।
লোম লাৰিবাক নপাৰিল গোকুলৰ॥
নিবৰ্ত্তীয়া যাবো পাচে হৈয়া মহা লাজ।
পূৰ্ব্বৱত মন্দৰ থাপিবো মুনিৰাজ॥
মিলিবে ঈশ্বৰ জ্ঞান ব্ৰজৰ প্ৰজাৰ।
মোৰ গুণ গণক বৰ্ণাইবে নিৰন্তৰ॥
নিবৰ্ত্তীলা যেবে বাট বৃষ্টি নিৰন্তৰ।
স্থাপিবোহোঁ এক হাতে গিৰিৰ শিখৰ॥
সেহি বেলা ইন্দ্ৰ আসি সুৰভি সহিত।
কৰিবন্ত স্তুতি মোক হৈয়া ভয় ভিত॥
তাহাক আশ্বাস পাচে কৰি মুনিবৰ।
কৰিবো সম্বাদ ইন্দ্ৰ সহিতে বিস্তৰ॥
ভয় হীন ইন্দ্ৰে সামে সুৰভি প্ৰত্যেক।
গৌৰ ইন্দ্ৰ পাতি মোক কৰি অভিষেক।