সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)


মোৰ বৃষৰূপে দৈত্য আসিবো অৰিষ্ট।
মোৰ ভকতৰ দুষ্ট চিন্তিবো অনিষ্ট॥
হেন দেখি ভকতৰ সাধি উপকাৰ।
তাৰ প্ৰাণ লৈবো পকাই মোচৰিয়া ঘাৰ॥
তাত পাচে কেশকি পাঞ্চিবে দৈত্য ৰায়।
হয় ৰূপ ধৰি গোকুলক যাইবে ধাই॥
তাহাৰ ভয়ত গৰু গোপ গোপীগণ।
ত্ৰাহি কৃষ্ণ বুলি লৈবে আমাত শৰণ॥
দেখি অসুৰৰ মহা গৰ্ব্ব কৰি চুৰ।
লীলায়ে মাৰিয়া তাক নিবো যমপুৰ॥
চুম্পি চুল ধৰি দুষ্ট দৈত্যক বধিবো।
ভয় হন্তে গোপ শিশুগণক তাৰিবো॥
এহি মতে ভকত জনৰ প্ৰীতি কৰি।
বঢ়াইবো আনন্দ লীলা নৰ তনু ধৰি॥
দেখিবা আনন্দ মোৰ তুমি মহামতি।
গোকুলৰ লীলা এহি মানে সমাপতি॥
পৰম সুহৃদ মোৰ তুমি মুনিবৰ।
শুনা পাচ কথা মুনি আত অনন্তৰ॥
কৃষ্ণৰ জন্মৰ কথা অমৃততোধিক।
শুনা এক চিত্ত মনে সবে সমাজিক॥
কৃষ্ণ জন্ম কৰ্ম্ম চাৰি স্বৰ্গ মাজে সাৰ।
শ্ৰবণ কীৰ্ত্তনে আৰ তৰয় সংসাৰ॥