পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪৭)


আত অনন্তৰে হৰি আনি ভাল্লুকৰ ঝীক।
কৰিবো উৎসবে বিহা দেবী ৰুক্মীণিক॥
পাইবো কন্যা জাম্ব অন্তি মনিৰ নিমিত্তে।
সত্যভমা নামে কন্যা দিবে সত্ৰাজিতে॥
ভদ্ৰা সত্যা কালিন্দ্ৰী লক্ষ্মণা লগ্ন জিতি।
কৰিবো বিবাহ আনি পৰম তৃপ্ৰীতি॥
ৰুক্মীণিক বলিবোহো পৰিহাস বাক।
হৈবন্ত মুৰ্ছিত দেবী নুবুঝিয়া তাক॥
তাঙ্ক আম্বাসিয়া চৰ্তুভজ ৰূপ ধৰি।
উলতিয়া স্তুতি মোক কৰিবে সুন্দৰি॥
দেৱৰ নিমিত্তে গৰুৰত চৰি ৰঙ্গ।
সত্যভমা নামে মহিষীক লৈয়া সঙ্গে॥
একেশ্বৰে প্ৰাজ্ঞ জৌতিষক যাইবো চলি।
সমৰত বধিবে অসুৰ মহা বলি॥
পৃথিবীৰ সুতনৰকক কৰি হত।
পাইবো কন্য়া ষোৰষ সহস্ৰ একশত॥
সবাহাঙ্কে পঠাই দিবো দ্বাৰাকা পুৰিক।
অমৃত কুণ্ডল নিয়া দিবো অদ্বিতীক॥
সত্যভমা দেবীৰ নিমিত্তে পাৰিজাত।
বাসৱত খুজি মই নাপাইবো সাক্ষাত॥
আনিবো উদ্ধাৰি সঙ্গে আপুনাৰ বলে।
কৰিবে সমৰ মোক দেৱ অখণ্ডলে॥