পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৪)


কলিত পৰম ধৰ্ম্ম নাম বিনে নাই।
বিছাৰিয়া দেখা গীতা ভাগৱত চাই॥
পৰম বান্ধৱ জানি মাধৱৰ নাম।
পাতেক চাড়োক ডাকি বোলা ৰাম ৰাম॥

দুলৰি

গোবিন্দ বদতি শুনা মুনিবৰ,
 পুছিলা যেন আপুনি।
পৰম ৰহস্য মোৰ জন্ম কথা;
 একচিত্তে থাকা শুনি॥
ইয়াৰ শ্ৰৱণে কীৰ্ত্তনে হইবে,
 সমস্ত পাতেক শুদ্ধি।
অপ্ৰয়াসে মহা মুকুতি পাইবে;
 মোত আছে যাৰ বুদ্ধি॥
মৎস্য কুৰ্ম্ম মহা বৰাহ নৃসিংহ,
 বামন পৰশুৰাম।
শ্ৰীৰাম হলি ৰাম বোদ্ধ কল্কি,
 মোৰ দিব্য দশ নাম॥
এহি দশ ৰূপে আমাক দেখিবা;
 তুমি মহা মুনি ৰাজ।