পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৯)


কৃষ্ণৰ চৰণ ধৰি এক মনে;
 পুৰুষ উদ্ধাৰ হৌক॥
ভৈলা অচেতন পৰে কেতিক্ষণ;
 ক্ষণেক ইতো শৰীৰ।
কৰে তল বল পদ্মৰ পত্ৰৰ;
 যেন জল নহে স্থিৰ॥
ভাৰত ভূমিত দুৰ্ল্লভ মনুষ্য;
 শৰীৰ আচাহা পাই।
কোটি কোটি জন্মে অন্তৰে সেণ্টৰে;
 নপাবা আক দুনাই॥
জন্ম চিন্তামনি সংসাৰ তৰণী;
 নিল আক আলে জালে।
বিষয়ত আউল ভৈলা যেন বাউল;
 গিলি আসিলেক কালে॥
জানিয়া কৃষ্ণৰ চৰণে শৰণ;
 লয়ো এক চিত্ত কৰি।
শুনা সভাসদ হৈয়া নিশবদ;
 কেন কৃপাময় হৰি॥
পুতুনা পিশাসী দিলা বিষ গুণ;
 কৃষ্ণক মাৰিবে মনে।
তথাপিতো তাইক জননীৰ গতি;
 দিলা প্ৰভু নাৰায়ণে॥