পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৪ )

এহিৰূপে আমাক দেখিবা বিদ্যমান।
বিপ্ৰসাপ চলে কৰিব বংশক নিৰ্জ্জান॥
কৃষ্ণ জন্ম কৰ্ম্ম চাৰি যুগ মাজে সাৰ।
দুৰ্ল্লভ লভিছা জন্ম ভাৰস্ত ভিতৰ॥
ভকত জনৰ সঙ্গ লয়ো যত্ন কৰি।
কৃষ্ণ কথা অমৃতক পিয়ো কৰ্ণ ভৰি॥
এতেকে তৰিবা সুখে সংসাৰৰ হন্তে৷
কলিযুগে ধৰ্ম্ম আৰ নাহিকে মৰন্তে॥
তপ জপ যজ্ঞ দান তীৰ্থ ব্ৰত যত।
সবে অপ্ৰয়াসে সিজে নামৰ লগত॥
কৃষ্ণ কৃষ্ণ উচ্ছৰিয়া যাই যিতো নৰে।
তাৰ পাচে যান্ত চলি চক্ৰ ধৰি কৰে॥
নচাৰন্ত হৰি ভকতৰ স্নেহে কাছে।
যেন ধেনু স্নেহত বৎস নেৰে পাছে॥
হেনয় বিষ্ণুৰ নাম কিয়ো এড়া মুখে।
যাক স্মৰি চণ্ডাল সংসাৰ তৰে সুখে॥
জানিয়া সমস্ত লোকে ত্যাজি আন কাম।
পাপৰ ভণ্ডাৰ পলাই বোলা ৰাম ৰাম॥