এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)
এতেক মোহোৰ ৰূপ ধৰি মহা ৰঙ্গ মনে
চলি যাইবো বৈকুণ্ঠ ভূবনে॥
পাচে গোপগণ সঙ্গে অঙ্গি ভঙ্গি কৰি ৰঙ্গে
নাচিবোহোঁ শৰণ চলাই।
আকাশত দেৱগণে পুষ্প বৰিষন্ত ঘনে;
ধাইবে মোৰ যশ গুণ গায়॥
ভাইৰ মাল মাৰু বুলি হাতে অস্ত্ৰ শস্ত্ৰ ধৰি;
কংশৰ কনিষ্ট আঠ ভাই।
ধাইবে মোক ক্ৰোধ কৰি হাতত মুসল ধৰি;
মাৰিবোহোঁ সবাকো কোৱাই॥
বসুদেৱ দৈবকীৰ বন্ধন চুৰিয়া পাচে;
প্ৰীতি অতি সাধি তাসম্বাৰ।
ভকতিৰ বশ্য হৈ শিৰেৰে চৰণ চুই;
পৰিবোহোঁ কৰি নমস্কাৰ॥
পাচে মোক দুয়ো প্ৰাণী পৰম ঈশ্বৰ জানি;
হৈয়া ভয় থাকিবে শংঙ্কাছি।
মোহিবো কৰিয়া মায়া পুত্ৰ বুলি হৈবো দয়া
লৈবো কোলে নিদ্ৰাজল মুছি॥
মই সুপ্ৰসন্ন যাৰ দুৰ্ল্লভ নাহিকে তাৰ;
মোহৰ ঈশ্বৰ মহাজ্ঞান।
মোত অনুক্ষণে পুত্ৰ বুদ্ধি স্নেহ বাঢ়ি যায়
হাসি মহা দুৰ্ল্লভ প্ৰধান॥