পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৭)


তুমি মোৰ মহা সুহৃদ জানিয়া;
 এতেক কৈলো তোমাত॥
এতেক কহিয়া মুনিৰ আগত;
 মৌন ভৈলা লক্ষ্মীপতি।
জন্ম ৰহস্যৰ কথা। মনোহৰ;
 এহি মানে সমীপতি॥
নমো নাৰায়ণ জগত কাৰণ;
 যিতো দেৱতাৰ দেৱ।
তোমাৰ চৰণে পশিলো শৰণ;
 কৰো লক্ষ কোটি সেৱ॥
শুনিয়ো দুৰ্ম্মতি  দেখিয়ো সম্প্ৰতি;
 মোহৰ অযজ্ঞ কৰ্ম্ম।
মহা মূঢ় হৈয়া বিৰছিবো পদ;
 তযু গুণ জন্ম কৰ্ম্ম॥
ভকত বৎসল তোমাৰ চৰণে;
 প্ৰণামো হৈয়ো সন্তোষ।
অজ্ঞানীৰ মোৰ ক্ষমিয়োক প্ৰভু;
 বঢ়া তুটা যত দোষ॥
শ্ৰীমন্ত শঙ্কৰ সৰ্ব্ব গুণাকৰ;
 সাক্ষাতে কৃষ্ণৰ অংশ।
দৈবকী নন্দন যিতো কৃপাময়;
 উদ্ধাৰিলা যদু বংশ॥