পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

আত পৰে আছে আন কোন প্ৰয়োজন।
তোমাত ভকতি প্ৰভু মোৰ মহাধন॥
মোৰ যেন কাম শুনিয়োক দেৱ হৰি।
সম্প্ৰতি আছাহা তুমি জগত সংহৰি॥
প্ৰলয়ৰ অন্তে সৃষ্টি কৰিবা দুনাই।
কোনৰূপে তাক আমি দেখিবো গোসাঁই॥
যদি মোক অনুগ্ৰহ থাকে বাসুদেৱ।
কহিয়োক নিস্তে চৰণত কৰোঁ সেৱ॥
দেৱৰ দেৱতা তুমি জগত কাৰণ।
নমো ভগৱন্ত পূৰ্ণ ব্ৰহ্ম নাৰায়ণ॥
কহিয়ো নিঃশেষ মোত কৰিয়া নিশ্চয়।
শুনি হেন কথা পাচে কৃষ্ণ কৃপাময়॥
নাৰদক প্ৰতি পাচে কৰুণা মিলিলা।
পৰম আনন্দে কথা কহিবে লাগিলা॥
শুনা সভাসদ সবে কৃষ্ণৰ চৰিত্ৰ।
সুলভে লভিছা জন্ম ভাৰস্ত ভূমিত॥
কৃষ্ণৰ ভকতি বিনে বৃথা যায় আয়ু।
কৈত কেতিক্ষণে পৰে ইতো প্ৰাণ বায়ু॥
দেৱ সবে বাঞ্চা কৰে মনুষ্য হইবাক।
কিনো ভাগ্য অপ্ৰয়াসে পায় আছে আক॥
কৃষ্ণৰেসে কৃপা আত নাহি আন হেতু।
জানি সুখে তৰা ৰাম নাম বান্ধি সেতু॥