পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৩)


গীতা ভাগৱত আদি কৰি যত;
 শাস্ত্ৰৰ কহিলো গুণ॥
হেনয় কলিত জন্ম ধৰি যিতো;
 হৰিৰ নাম নধৰে।
সিতো মহাপাপী মনুষ্যে আপুনি;
 আত্মাঘাট কৰি মৰে॥
কলিৰ ভয়ত পলায় ধৰ্ম্ম যত;
 নামত লৈবো শৰণ।
সমস্তে ধৰ্ম্মক সিশি পাবে লাগ;
 যি কৰে নাম কীৰ্ত্তন॥
সদায়ে জানিবা সমস্ত ধৰ্ম্মৰ;
 মোহোৰেসে নামে ৰাজা॥
আন যত ধৰ্ম্ম নামৰ কিঙ্কৰ;
 কহিলো শাস্ত্ৰৰ মৰ্জা॥
কলিত নামেসে কলিত নামেসে;
 নামেসে গতি লোকৰ।
মোহৰ নামেসে জানিবা নিশ্চয়;
 সুধৰ্ম্ম কলি যুগৰ॥
সকলে জগত জাইবেক তল;
 কলি সাগৰৰ মাজে।
সমস্তে লোকক নিগ্ৰহিবে কলি
 হৰি ভকতিত বাজে॥