এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)
যাক সম নাই পাতকি লোকত;
মহা পাপী অজামিল।
নামৰ অভ্যাসে স্মৰণ মাত্ৰকে;
তাকো বৈকুণ্ঠক নিল॥
এতেকে জানিবা নামৰ সমান;
ধৰ্ম্ম নাহি সংসাৰত।
ত্যেজি আন মন কৰিয়া যতন;
শৰণ লৈয়ো নামত॥
কলিৰ দুৰ্ঘোৰ পাপ সাগৰত;
তৰিবাৰ সুখ পন্থ।
সাৰ তত্ব কৰি ইহাকে কহয়;
গীতা ভাগৱত গ্ৰন্থ॥
যাৰ আছে ইচ্ছা সংসাৰ সাগৰে;
নিকাৰ তৰিতে কাম।
ৰচিলা মাধৱ নামেসে বান্ধৱ;
ডাকি বুলা ৰাম ৰাম॥
পদ।
নাৰায়ণ বদতি শুনিয়ো মুনিবৰ।
মোহৰ জন্মৰ কথা আত অনন্ত।