পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫০)

দিবে কন্যা সমে কুমাৰক বাঝ কৰি।
বৰ কন্যা লৈয়া যাবে আপুন নগৰি॥
সৌৰষ হাজাৰ দিব্য গৃহত অপাৰ।
মনুষ্যৰ দেখাই লীলা কৰি ব্যৱহাৰ॥
ক্ষণেকে পাইলে মোক মহিশী সকলে।
বৰ্ণ্ণাইবেক মোৰ গুণ চিত্ত উৎত্ৰায়লে॥
হৰি দ্বেষী মহাপাপী ৰাজা জৰাসন্ধ।
ভীমৰ হাতত তাৰ নিপাতিবো স্কন্ধ॥
ভক্ত ৰাজাগণ বন্দি কৰি থৈবো মন্দ।
তাসম্বাক ৰাখিবৰ কৰিয়া প্ৰবন্ধ॥
সমস্তে ৰাজাৰ পাচে চাৰিয়া বন্ধন।
নিজৰূপে তাসম্বাক দিবো দৰিশণ॥
দেখি তাসম্বাৰ সবে তাপ হৈবো দুৰ।
বৰ্ণ্ণাইবে আনন্দে মোৰ মহিমা প্ৰচুৰ॥
সবাহাঙ্কে দিয়া বস্ত্ৰ ভূষণ অশেষ।
চিত্তক সন্তোষী পাচে পঠাইবো দেশ॥
যুধিষ্ঠিৰ ৰাজা মোক পাই তুষ্ট হৈ।
পৰন আনন্দে কৰিবন্ত ৰাজসুয়॥
ত্ৰৈলোক্যৰ সম্পত্তি মিলাইবে তান ঘৰে।
অৰ্চ্ছিবস্তু ৰাজা পৰম সাদৰে॥
মোক নিন্দা কৰিবেক শিশুপাল বীৰ।
চক্ৰ হানী লীলায়ে ছেদিবো তান শিৰ॥