পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫৬ )


পৰমহংশৰ বেশ ধৰি কতো;
 কত বোলাই ব্ৰহ্মচাৰি।
হাসু মহা যোগী বুলি কতো নৰে;
 কতো লগে লৈয়া নাৰী॥
ধৰ্ম্ম ধোজি কৰি এহি মতে নৰে;
 ফুৰিবেক নানা দেশ।
এতে ব্ৰহ্ম বুলি  কতো পশু নৰে;
 তাৰে লৈবো উপদেশ॥
হৰি নাম ধৈৰ্য্য  আগ কৰি কতো;
 কৰিবো বেদ লুপুত।
বোলাই গৰু পুত্ৰ দিবে। মন্ত্ৰ সুত্ৰ
 কৰিয়া অতি গুপুত॥
পৰি বেদ ধ্বনি অনেক চাতুৰি
 বুলিয় মধুৰ বাক।
কৰি গুৰু মান পূৰ্ণসত্য দান;
 দিবেক নিজ ভাৰ্য্যাক॥
জাতি ও অজাতি  একত্ৰে ভূঞ্জিবে;
 হৈবে জাতি কুল ভ্ৰষ্ট।
এহি মতে লোক  ফুৰিবে কলিত;
 বেদ পাঠ কৰি নষ্ট॥
ডম্বৰু বজায় তপস্বী বোলাই;
 ফুৰিবে কতো অজ্ঞান।