এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৯)
স্বামীৰ বচন ভাৰ্য্যা নুশুনিব;
ভূত জনে ঈশ্বৰৰ॥
সন্ত মানে মহা দৰিদ্ৰ হৈবন্ত;
দুষ্ট জন ধনৱন্ত।
মহন্তক চোৰ টেণ্টুনে বুলিবে।
দুৰ্জ্জনে বলাইবে সন্ত॥
অধৰ্ম্মে ধৰ্ম্মক জিনিবে সত্যক;
জিনিবে মহা বচনে।
পুৰুষক তিৰী জিনিবে ৰাজাক;
জিনিবেক ভৃত্যগণে॥
কনিষ্ঠে জ্যেষ্ঠক জিনিবে পিতৃক;
পুত্ৰে জিনিবেক দণ্ডে।
বলিক নিৰ্ব্বলী জিনিবে কলিত;
ভালক জিনিবে মন্দে॥
মুৰ্খে পণ্ডিতক জিনিবে গুৰুক;
জিনিবেক শিষ্যগণে।
ন্যায়ক অন্যায় জিনিবে নিন্দিবে;
সাধুক পাষণ্ড জনে॥
গুৰু পূজা নষ্ট হৈবেক শিষ্যৰ;
বাঢ়িবে গৰ্ব্ব অপাৰ।
কন্যাগণে দশ দ্বাদশ বৰিৰে;
গৰ্ভৰ বহিবে ভাষ॥