পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫)

অক্ৰুৰক পঠাই ঘৰ  নগৰ পশিবো গৈয়া;
 লৈয়া সঙ্গে গোপ শিশু ঝাক।
মথুৰাৰ নাৰীগণে  পৰম আনন্দ মনে;
 ঝুমা ঝুমে চাহিবে আমাক॥
কৰিয়া সবকো দয়া  কটাক্ষ নয়নে চায়;
 তাসম্বাৰ মনোৰথ পুৰি।
ধৰি ৰূপ বিপৰীত  ৰঞ্জিয়া সবাৰ চিত্ত
 নগৰ চাহিবো পাচে ফুৰি॥
পদুলি পদুলি মোক  দ্বিজগণে পায়া লাগ;
 অচিবন্ত পৰম সাদৰে।
বৌৱা দিব্য বস্ত্ৰ লই  কংশত জনাইবে গৈ;
 তাক লাগ পাইবো অনন্তৰে॥
নপায়া কাপোৰ খুজি  কোপে অহঙ্কাৰ বুজি;
 চয়ৰে চিন্তিবো মুণ্ড তাৰ।
হৈয়া অতি মহাভয়  তাৰ নগৰিয়া চয়;
 পলাইবে বস্ত্ৰৰ পেলাই ভাৰ॥
ভাল ভাল বস্ত্ৰ বাচি  লৈয়া গোপগণে কাছি;
 ৰাজপন্টে ফুৰিবো আনন্দে।
পাচে মোক বেশকাৰ  পায়া মোক নমস্কাৰ;
 কৰি বস্ত্ৰ পিন্ধাইবো আনন্দে॥
তুষ্ট অতি হৈয়া তাক  বুলিয়া মধুৰ বাক;
 সাৰোপ্য মুকুতি দিবো ৰঙ্গে।