পৃষ্ঠা:শ্ৰীকৃষ্ণৰ জন্ম-ৰহস্য.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

তুমি মাত্ৰ সাঞ্চা মিছা নাম ৰূপ যত।
যেন নানা লতা ছয় দেখিয়া বস্ত্ৰত॥
শ্ৰুত মাত্ৰ সাঞ্চা পৰমাৰ্থ বিছাৰত।
এতেকে তুমিসে সত্য তিনিয়ো লোকত॥
জানি তোমাকেসে মাত্ৰ যিতো মহাজনে।
তযু নাম গুণ কৰে শ্ৰবণ কীৰ্ত্তনে॥
প্ৰেম নাম আনন্দ সাগৰ মাজে মজে।
মুকুতি পদকে সিতো তোমাত নোখোজে॥
চাৰিয়ো বেদৰ তত্ব তযু গুণ নাম।
যি জনে সুমৰে আক ত্যেজি আনকাম॥
যিতো জনে ভজে প্ৰভো! তোমাৰ কথাত।
সি সি অপ্ৰয়াসে এই সংসাৰৰ হতে॥
ৰাত্ৰি দিনে সকাম কৰ্ম্মক মাত্ৰ কৰে।
সুদ্ধ নৰকত আয়া জাত কৰি মৰে॥
অনুনয় স্তুতি বানি নাৰদে কৰন্ত।
তঙ্ক পাচে আশ্বাস কৰিলা ভগৱন্ত॥
অনেক সাদৰি হৰি বুলিলন্ত পাচে।
কি কাৰ্য্যে আসিলা মুনি ৰাজ মোৰ কাছে॥
পৰম সুহৃদ তুমি মোৰ প্ৰিয়ত্তম।
নাহি হেন বান্ধৱ নাৰদ তুমি সম॥
হেন শুনি কৃষ্ণত নাৰদ নিগদতি।
তোমাৰ চৰণ আমি দেখিলো সম্প্ৰতি॥